কামপুৰ ৰেল ষ্টেচনত ৫ বস্তাৰো অধিক শামুক জব্দ, আটক শামুক সৰবৰাহকাৰী মাতৃ-পুত্ৰ

কামপুৰ ৰেল ষ্টেচনত ৫ বস্তাৰো অধিক শামুক জব্দ, আটক শামুক সৰবৰাহকাৰী মাতৃ-পুত্ৰ

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰত দীৰ্ঘদিন ধৰি চলি আহিছে শামুকৰ ৰমৰময়ীয়া ব্যৱসায়। বিল খালৰ পৰা শামুক সংগ্ৰহ কৰি একাংশ অসাধু লোকে ডিমাপুৰলৈ প্ৰতিদিনে শামুক সৰবৰাহ কৰি আহিছে। মঙলবাৰে নিশা কামপুৰ ৰে'ল ষ্টেশ্যনত সাংবাদিকৰ তৎপৰতাত ৫ বস্তাৰো অধিক শামুক জব্দ কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষীয়ে। ইয়াৰ লগতে শামুক সৰবৰাহকাৰী মাতৃ পুত্ৰক আটক কৰে ৰেল আৰক্ষীয়ে।.

ইমদাদুল ইছলাম নামৰ এজন কিশোৰে শামুকখিনি ৰে'ল যোগে ডিমাপুৰলৈ নিব খুজোতেই কামপুৰৰ কেইজনমান সাংবাদিকে শামুক খিনি জব্দ কৰি ৰে'ল অাৰক্ষী অাৰু বন বিভাগক গতাই দিয়ে। উল্লেখ্য যে, ডিমাপুৰত প্ৰতি কেজি শামুক অধিক মূল্যত বিক্ৰী হোৱাৰ বাবেই এনেদৰে শামুক সমূহ একাংশ অসাধু লোকে সৰবৰাহ কৰি আহিছে। পাছত বন বিভাগৰ লোকে শামুক খিনি পুনৰ পথাৰত এৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in