কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী খিলঞ্জীয়া সংগামী ঐক্যমঞ্চৰ…

কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী খিলঞ্জীয়া সংগামী ঐক্যমঞ্চৰ…

ডিজিটেল সংবাদ, কামপুৰঃ বিগত বহু মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক সংগঠনটোৰ নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত বৃহস্পতিবাৰে কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্যমঞ্চই নগৰখনত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে।

কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত ইতিমধ্যে অসমৰ প্ৰত্যেক প্ৰান্ততে কৃষক মুক্তিকে আদি কৰি বিভিন্ন জাতীয় দল- সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ সমান্তৰালকৈ আজি কামপুৰ নগৰতো কামপুৰৰ চৈধ্যটা জাতীয় দল-সংগঠনেৰে পৰিপুষ্ঠ কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্যমঞ্চই কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী তুলি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমবাসীৰ ওপৰত জাপি দিয়া জাতিধ্বংসী আইন কা' কোনো কাৰনতে অসমৰ ৰাইজে মানি নলয় বুলি এই প্ৰতিবাদী স্থানৰ পৰাই সকীয়াই দিয়ে।

লগতে আজিৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা খিলঞ্জীয়া সংগ্ৰামী ঐক্যমঞ্চ কামপুৰে চৰকাৰে জাতিধ্বংসী আইন কা'বাতিল নকৰালৈকে অসমৰ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি থাকিব বুলি ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে হুংকাৰ প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in