কাজিয়াত প্ৰাণ গ’ল পত্নীৰ, স্বামীৰ স্বীকাৰোক্তিঃ হয়, মই ২ টা চৰ মাৰিছিলো…VIDEO

কাজিয়াত প্ৰাণ গ’ল পত্নীৰ, স্বামীৰ স্বীকাৰোক্তিঃ হয়, মই ২ টা চৰ মাৰিছিলো…VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ মদেই কাল হল এটা পৰিয়ালৰ ।মদ খায় মাতাল হোৱা স্বামীৰ দুটা চৰত প্ৰাণ গ'ল এগৰাকী মহিলাৰ ।ঘটনাতো নগাঁৱৰ পূৱ বৰ'কলাৰ । নগাঁৱৰ পূৱ বৰকলাৰ এটা পৰিয়াল ।দুগৰাকী জীয়ৰী আৰু একমাত্ৰ পুত্ৰ সন্তানৰে এটা সুখী পৰিয়াল । কিন্ত এটুপি মদেই কাল নিশা নমাই আনিলে পৰিয়ালটোলৈ ।

পৰিয়ালটোৰ স্বামী স্ত্ৰীয়ে প্ৰতিদিনে সেৱন কৰিছিল মদ ।এইয়ে লৈ পৰিয়ালটোৰ অশান্তিয়ে দেখা দি আহিছিল ।প্ৰায়ে স্বামী ৰিতু ডেকাই মাৰপিট কৰিছিল পত্নী মৃদুলা ডেকাক ।শুক্ৰবাৰে নিশাও অনুৰূপ ঘটণা সংঘটিত হয় ।

ৰিতু ডেকাই মাৰধৰ কৰাৰ পিছত মৃদুলা ঢলি পৰে আৰু একেটা চুবুৰীতে থকা মাতৃৰ গৃহত থৈ আহে ইয়াতে মৃত্যু হয় মৃদুলাৰ । ইফালে মৃদুলাক মাৰধৰ কৰাৰ কথা স্বীকাৰ কৰিছে ৰিতু ডেকাই।দুটা চৰ দিয়া বুলি প্ৰকাশ কৰিছে হত্যাকাৰী ৰিতুয়ে । উল্লেখ্য যে এই পৰ্যন্ত হত্যাকাৰী ৰিতু মুক্তমনে ঘুৰি আছে যদিও আৰক্ষীয়ে আটক কৰা নাই হত্যাকাৰীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in