৩ বছৰীয়া কন্যা সন্তানক ঘৰত এৰি সন্ধানহীন মাতৃ…

৩ বছৰীয়া কন্যা সন্তানক ঘৰত এৰি সন্ধানহীন মাতৃ…

ডিজিটেল সংবাদ, কামপুৰঃ এটি তিনিবছৰীয়া কন্যা সন্তান এৰি এগৰাকী বোৱাৰী ঘৰৰ পৰা সন্ধানহীন হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে নগাওঁ জিলাৰ প্ৰমিলাত। মহিলাগৰাকীৰ সন্ধানহীন হোৱা ৰহস্য বৰ্তমানেও উদঘাটন হোৱা নাই যদিও একাংশ লোকে প্ৰেমৰ বলি হোৱা সন্দেহ কৰিছে।

ইফালে বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱা ঘটনাটোক সহজভাৱে লোৱা নাই তেওঁৰ পিতৃয়ে । তেওঁ স্বামীৰ পৰিয়াললৈ সন্দেহৰ আঙুলি উঠাইছে ।স্বামীৰ পৰিয়ালে বোৱাৰী গৰাকীক অসামাজিক কামত লগোৱাৰো অভিযোগ তুলিছে। ঘটনা সন্দৰ্ভত স্বামীৰ পৰিয়ালে কচুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in