প্ৰতিষ্ঠাপকৰ প্ৰতিমূৰ্তিৰ দুৰৱস্থাৰ খবৰ ৰাখিছেনে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু…?

প্ৰতিষ্ঠাপকৰ প্ৰতিমূৰ্তিৰ দুৰৱস্থাৰ খবৰ ৰাখিছেনে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু…?

ডিজিটেল সংবাদ, কামপুৰঃ শ্ৰীমন্ত শংকৰ মিছন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ, উত্তৰ পূৰ্ব্বাঞ্চলৰ সৰ্ববৃহৎ এই অনুষ্ঠান দুটা প্ৰতিষ্ঠা কৰিছিল লোকসেৱক হলধৰ ভূঞাই । কিন্তু দুয়োটা বৰ্তমান সময়ত দুয়োটা অনুষ্ঠানেই যেন অপমান কৰিছে প্ৰতিষ্ঠাপকজনক । যিসময়ত বোকাখাটত শ্ৰীমন্ত শংকৰ সংঘই দেৰগাঁৱত কোটি টকা খৰছ কৰি শংকৰ সংঘৰ অধিবেশন অনুস্থিত কৰিছে তেনেসময়ত লোকসেৱক জনৰ প্ৰতিমূৰ্তি জহি-খহি যাব ধৰিছে যদিও কাণষাৰ নাই শ্ৰীমন্ত শংকৰ মিচন নাইবা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ।

উত্তৰ পূৰ্ব্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশন অনুস্থিত কৰিবলৈ লক্ষ লক্ষ টকা প্ৰতিবছৰে অনুমোদন দি আহিছে যদিও শংকৰ সংঘৰ প্ৰতিস্থাপক হলধৰ ভূঞাৰ প্ৰতিমূত্তিৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া গাওঁবাসীৰ অন্তৰত আঘাত দিছে।

উল্লেখ্য যে ২০১০ চনত লোকসেৱক হলধৰ ভূঞাৰ ১১৮ তম জন্মজয়ন্তী জন্মগাওঁ কামপুৰৰ পূৱতেতেলিসৰা গাঁৱত অনুস্থিত কৰাৰ প্ৰস্তাৱ লৈছিল শ্ৰীমন্ত শংকৰ মিচনে । জন্মজয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি জন্মভূমিত লোকসেৱকজনৰ আৱক্ষ প্ৰতিমূত্তি আৰু নগাঁৱৰ কঠিয়াতলীত তোৰণ নিৰ্মানৰ প্ৰস্তাৱ লয় যদিও দুৰ্ভাগ্য বিষয় আজিকোপতি কঠিয়াতলীৰ তোৰণ নিৰ্মান নহল ।

তেতেলীসৰাত আৱক্ষমূত্তি নিৰ্মান হ'ল যদিও নিৰ্মানৰ এটা বছৰৰ পিছতে মূ্ত্তিটো ভাঙিবলৈ আৰম্ভ কৰে । এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰ সংঘ আৰু শ্ৰীমন্ত শংকৰ মিচনে লোকসেৱক জনৰ প্ৰত্তিমূৰ্তিটো প্ৰতিঅৱহেলা কৰাৰ অভিযোগ উঠিছে ।প্ৰতিমূৰ্তিটো এনে দুৰৱস্থাই ক্ষোভিত কৰি তুলিছে লোকসেৱক হলধৰভূঞাৰ পৰিয়ালৰ লগতে স্থানীয় কামপুৰ আৰু তেতেলিসৰাবাসীক ।ৱ স্থানীয় লোক সকলে অসমৰ কেইবাটাও অনুস্থানৰ প্ৰতিস্থাপক লোকসেৱক হলধৰ ভূঞাৰ প্ৰতিমূত্তিটো পুনৰ নিৰ্মান কৰাৰ দাবী জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in