সকলোকে লাগে ফ্লাইঅভাৰ, ৰে’লৱেৰ বুলডেজাৰৰ খুন্দাত চুৰমাৰ কামপুৰ বজাৰ…

সকলোকে লাগে ফ্লাইঅভাৰ, ৰে’লৱেৰ বুলডেজাৰৰ খুন্দাত চুৰমাৰ কামপুৰ বজাৰ…

ডিজিটেল সংবাদ, কামপুৰঃ শইকীয়া প্ৰতিষ্ঠান, কামপুৰ বজাৰত থকা এই ব্যৱসায়ীক প্ৰতিষ্ঠান সমগ্ৰ নগাওঁ জিলাতে এটা চিনাকী নাম। প্ৰায় পঞ্চাছটা বছৰে সমগ্ৰ দক্ষিণ নগাঁৱৰ যোগাযোগৰ কেন্দ্ৰস্থল আছিল শইকীয়া প্ৰতিষ্ঠান। এসময়ত পাইকাৰী-গেলামালৰ লগতে স্কুলবুক, ষ্টেচনাৰী আৰু বাতৰিকাকতৰো বিতৰণ প্ৰতিষ্ঠান আছিল এইখন। কালক্ৰমত সাংবাদিকতাৰে জড়িত হোৱা নীলকমল শইকীয়াই ককায়েকহতৰ অনুমতিক্ৰমে দোকানখনৰ একাষে আৰম্ভ কৰে পি চি অ, ফেক্স, স্কেনাৰ আদিৰ লগতে সাংবাদিক আৰু বিশিষ্ট লোকসকল বহিব পৰাকৈ আছুতীয়া এটা কোঠা। লাহে লাহে ইয়াৰ সৈতে সংযোগ কৰা হয় কম্পিউটাৰ চেট। ইয়াত বহিয়েই কামপুৰৰ প্ৰায় সকলো সাংবাদিক, লেখক আৰু বিশিষ্ট লোকসকলে বিভিন্ন সংবাদ প্ৰতিষ্ঠানলৈ বা-বাতৰি আৰু লেখা-মেলা প্ৰেৰণ কৰাৰ লগতে প্ৰেছ ক্লাৱ হিচাপেও কোঠাতো ব্যৱহাৰ কৰি সৰু-সুৰা সভা সমিতি অনুষ্ঠিত কৰিবলৈ লোৱা হয়।

দোকানখনৰ মাজত স্থাপন কৰা বেৰাখনৰ ওপৰভাগ গ্লাছ লগোৱা আৰু মাজৰ ভাগ দুৱাৰ। সেইখনৰেই নীলকমলে দোকানৰ কৰ্মচাৰী সকলৰ ওপৰতো লক্ষ্য ৰাখে, অসমীয়া প্ৰতিদিনলৈ বাতৰিও লিখে আৰু আনসকল সাংবাদিকৰ লেখা-মেলা ফেক্স অথবা মেইল কৰে। ভুপেন হাজৰিকাৰ মৃত্যুৰ দিনাই নীলকমলে নিজা খৰছত কেইবাটাও মাইক চেট ক্ৰয় কৰি সমগ্ৰ কামপুৰ চহৰত বিদ্যুত খুঁটাত এইবোৰ ওলমাই নিজৰ দোকানত স্থাপন কৰা প্লেয়াৰ চেটৰ সৈতে সেইবোৰ সংযোগ কৰিছিল। একক প্ৰচেষ্টাৰ বিভিন্ন শুভাকাংশীৰ পৰামৰ্শত স্থাপন কৰা এই চিষ্টেমৰ জৰিয়তে শইকীয়া প্ৰতিস্থান ৰ পৰা নিতৌ পুৱা বৰগীত আৰু সন্ধিয়া ভুপেন হাজৰিকাৰ বিভিন্ন কালজয়ী গীত এঘন্টাৰ বাবে পৰিৱেশন কৰি চহৰখনত এক অনন্য পৰিৱেশ সৃষ্টি কৰা হৈছিল। এয়া আছিল নীলকমলৰ সামাজিক দায়ৱদ্ধতাৰে উৰ্বৰ মস্তিষ্কৰ ফচল।

কামপুৰ শান্তিপট্টীৰ শইকীয়া পৰিয়ালৰ সম্ভ্ৰান্ত ঐতিহ্যত চেকা লাগিবলৈ নিদিয়াৰ বাবেই হয়তো তেওৰ ব্যৱসায়, সাংবাদিকতা আৰু সমাজ চেতনা এনেদৰে নিয়ন্ত্ৰিত হৈছিল যিটোৱে ব্যৱসায়িক লাভালাভৰ চিন্তাক কাষ চাপিবলৈকে দিয়া নাছিল। তথাপিও ইয়াৰ ভৰষাতে জ্বল্ আছিল নীলকমল শইকীয়াপ পাৰিবাৰিক জীৱনৰ ঢিমিক-ঢামাক ছাকি। কিন্তু হঠাৎ নীলকমলৰ সপোন ভাঙি চুৰমাৰ হৈ গল । কামপুৰৰ ষ্টেচনৰ উন্নয়নৰ বাবে সোমবাৰে চলোৱা উচ্ছেদ অভিযানত নীলকমলৰ শইকীয়া প্ৰতিষ্ঠানখন ভাঙি গল । লগে লগে ঠিকনা বিহীন হল কামপুৰৰ সাংবাদিক, সাহিত্যিক সকল। তেওলোক যেন গৃহহাৰাহে হল।

সেইবাবেই নীলকমলৰ লগতে আজি কামপুৰৰ বহু জ্যেষ্ঠ সাংবাদিক, সাহিত্যিকে শইকায়া প্ৰতিষ্ঠানক দেখি নীৰৱে চকুলো টুকিছে। এতিয়াৰ পৰা বহুদিনলৈ হয়তো ভুপেন হাজৰিকাৰ গান চহৰখনত হয়তো শুনিবলৈ পোৱা নাযাব। আজিৰ এই উচ্ছেদ অভিযানত কেৱল শইকীয়া প্ৰতিষ্ঠানৰে উচ্ছেদ হোৱা নাই, উচ্ছেদ হৈছে পুৰণি বহু পৰিয়ালৰ ঐতিহ্য দোকানৰো। তেওলোক বেদখলকাৰীয়ো নাছিল, তথাপ্ এয়া উন্নয়নৰ বাবে হোৱা উচ্ছেদ। বজাৰৰ ৰেলৱে ক্ৰচিঙত উৰনীয়া সেতু এখনৰ দাবীও আছিল বহুদিনীয়া, এই সেতু নিৰ্মাণৰে প্ৰস্তুতি চলাইছে ৰেল বিভাগে। তাৰ বাবেই আজিৰ এউ ই উচ্ছেদ অভিযান, যি অভিযানে শইকীয়া প্ৰতিষ্ঠানত সাংবাদিক নিৰ্ভয় আশ্ৰয় আৰি সংযোগস্থলীৰ দৰে গগৈ হোটেল বজাৰলৈ সপ্তাহিক বজাৰলৈ অহা দুৰ-দুৰণিৰ পৰা অহাসকলৰ ভাতসাঁজৰ মুদা মাৰিলে।

নীলকমলৰ দোকানৰ কাষতে আছিল ষ্টুডেনছ কৰ্ণাৰ নামৰ কাকত-আলোচনী আৰু পাঠ্য-পুথিৰ বহুদিনীয়া দোকানখন। অসমীয়া প্ৰতিদিনৰ বৃহৎ সংখ্যক কপি বিক্ৰী হৈছিল তাৰপৰাই। আজি ৰেলৱেৰ বুলড্ৰেজাৰৰ আঘাতত এই পকী দোকানখনো থান-বান হৈ যায়। জীৱনৰ সমস্ত সপোন থান-বান হৈ যোৱাৰ বেজাৰত হুকহুকাই কান্দি উঠে অমিয়ই। এনেদৰেই শতাধিক দোকানৰ উচ্ছেদ পৰ্ব আজি সামৰিলেও ৰেলৱে কৰ্তৃপক্ষ পুণৰ আহিব কাইলৈ। আন একাংশ দোকানৰ মালিকে কাইলৈ চকুলো টুকিব। আশ্বৰ্যজনক কথাটো হল যে, দীৰ্ঘদিনৰ পৰা ৰেলৱে কৰ্তৃপক্ষৰ পাৰ লীজচুক্তিৰ জৰিয়তে এই লোকসকলে ব্যৱসায় চলাই আছিল। কিছু সংখ্যকৰ চুক্তিৰ ম্যাদ ২০১৯ৰ লৈকে আছিল। সেয়ে কোনো কোনো আদালতৰ কাষলৈও গৈছিল। পিছে ফল নধৰিলে। কাৰো কথা ৰেল কৰ্তৃপক্ষই যিদৰে নুশুনিলে আদালততো নৰজিল তেওলোকৰ আবেদন।

কিমান দিনৰ মূৰত কামপুৰ ৰেলৱে ক্ৰচিঙত উৰণীয়া সেতুৰ কাম সম্পুৰ্ণ হব সেয়া কোনেও নাজানে। কিন্তু ২০০ ৰো অধিক দোকান, বহুতৰ আশ্ৰয়গৃহ মোহাৰি থৈ যোৱাৰ পাছত চকুলো টুকি ভগা-চিগা অৱশিষ্ট বয়-বস্তুখিনি এচাম লোকে এপদ দুপদকৈ কঢ়িয়াই নিয়া কৰুণ দৃশ্য আতৰৰ পাৰ চাই বহুতে আজি চকুলো টুকিছে। তেওলোককো সদায় পুৱাৰে পৰা উখল-মাখল হৈ থকা কামপুৰ বজাৰৰ মৰিশালি সদৃশ নিস্তদ্ধতাই নিসংগ কৰিব। পুৱাৰ বৰগীত, সন্ধিয়াৰ ভুপেন হাজৰিকাৰ গীত বহুদিললৈ আৰু নাবাজিব। আৰ্থিক অৱলম্বনহীন হব ২ শতাধিক পৰিয়াল, যি সমূহ পৰিয়ালে ৰে'ল কৰ্তৃপক্ষৰ পৰা নাপাব কোনো ক্ষতিপূৰণ অথবা পুণৰ সংস্থাপনৰ ব্যৱস্থা।

কিন্তু বহমপুৰ সনষ্টিৰ অন্তগত কামপুৰ হল দক্ষিণ নগাঁৱৰ সবাতোকৈ পুৰণি এনে এক ঐতিহ্যপূৰ্ণ অঞ্চল যত বীৰেন্দ্ৰ নাথ ভট্টাৰ্চাযৰ মৃত্যুঞ্জয়ৰ নায়ক ভিভিৰাম বৰা, জনপ্ৰিয় বোলছবি ককা দেউতা নাতি আৰু হাতীৰ শ্বুটিঙৰ লোকেশ্বন, লক্ষেশ্বৰ গোহাঁই, নৃপেন গোস্বামীৰ দৰে ৰাজনীতিকৰে নহয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰো কঠীয়াতলী আছিল। সেয়ে ২ টাকৈ ম্যাদৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰো জনপ্ৰতিনিধি প্ৰফুল্ল কুমাৰ মহন্ত, শেহতীয়া নিৰ্বাচনত প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাইৰ পৰা সমষ্টিটোত দখল সাব্যস্ত কৰা প্ৰদ্যুত বৰদলৈ এইক্ষেত্ৰত কিমান দায়ৱদ্ধ হৈ দেখুৱায় সেয়া অহা কেইদিনমানতে স্পষ্ট হৈ পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in