কামপুৰ থানাত উত্তপ্ত পৰিস্থিতি! আৰক্ষীক প্ৰহাৰ স্থানীয় ৰাইজৰ…

কামপুৰ থানাত উত্তপ্ত পৰিস্থিতি! আৰক্ষীক প্ৰহাৰ স্থানীয় ৰাইজৰ…

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ থানাত অঘটন।আৰক্ষীক প্ৰহাৰ কৰে একাংশ লোকে। হিপজুৰ নামৰ ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশ। ৰহস্যজনক কাৰণত মৃত্যু হোৱা হিপজুৰ পৰিয়ালৰ লোকে নগাওঁ সদৰ থানাৰ অন্তৰ্গত ৰাঙলু আৰক্ষী চকীত এটা গোচৰ তৰিছিল যদিও সোমবাৰে হঠাৎ যুৱক জনৰ নিজা গাওঁ ঘিলানীৰ প্ৰায় শতাধিক লোকে কামপুৰ থানাত আক্ৰমন কৰে।

ৰাইজৰ অভিযোগ আৰক্ষীয়ে গুৰুত্ব দিয়া নাই তেওঁলোকৰ অভিযোগত।আনফালে আৰক্ষীৰ অভিযোগ একাংশ লোকে পৰিকল্পিত ভাৱে এই ঘটনা সংঘটিত কৰিছে ।উত্তেজিত লোক সকলে কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক শিলৰে আক্ৰমন কৰা লগতে আন এগৰাকী মহিলা আৰক্ষীকো আক্ৰমন কৰে ।

আনকি উত্তেজিত লোকে আৰক্ষী বিষয়া জনৰ বাস গৃহ পৰ্য্যন্ত আক্ৰমন কৰে । আৰক্ষীয়ে উত্তেজিত লোক সকলক চত্ৰ ভংগ দিয়াৰ লগতে তাইজুল ইছলাম নানৰ এজনক কাৰায়ত্ত কৰে । উল্লেখ্য যে ৰাঙলু দি কামপুৰ থানাত আক্ৰমন কৰা লগতে আইন হাতত তুলি লোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in