কামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱনিৰ্মিত গৃহৰ আধাৰশিলা স্থাপন…

কামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ  নৱনিৰ্মিত গৃহৰ আধাৰশিলা স্থাপন…

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত অতিকৈ পুৰণি কামপুৰ ৰাজ্যিক চিকিৎসালয়খনৰ সোমবাৰে নৱনিৰ্মিত গৃহৰ আধাৰ শিলা স্থাপন কৰা হয় ।উল্লেখ্য যে দীৰ্ঘদিন বিৰতিৰ পিছত পঁয়ালগা স্বাস্থ্য কেন্দ্ৰ খনৰ আধুনি কৰন কৰিব বিচৰা হৈছে । অতিকে পুৰণি স্বাস্থ্যকেন্দ্ৰ খনৰ উন্নয়নৰ দিশৰ স্বাস্থ্য বিভাগে উন্নয়ন ঢাক-ঢোল বজোৱাহে বিভিন্ন সময়ত দেখা গৈছিল ।

স্বাস্থ্য বিভাগৰ আঁচনিৰ ফোঁপোলা স্বৰূপটোহে প্ৰকট কৰি তুলিছে কামপুৰ পৌৰসভাৰ গাতে লাগি থকা স্বাস্থ্য কেন্দ্ৰ খনে । নগাওঁ জিলাৰ দক্ষিণ-পশ্চিমাঞ্চলৰ চিকিৎসালয়খন পূৰ্বতে এটা সাধাৰণ জুপুৰি ঘৰতে চলি আছিল যদিও ১৯৫০ চনত কামপুৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী বদুডাল খাখলিয়াৰ নামত পৰিয়ালৰ লোকে গৃহ নিৰ্মাণকে আদি কৰি অন্যান্য যাবতীয় কামসমূহ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিছিল ।

১৯৫০ত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে পুনঃনিৰ্মিত চিকিৎসালয়খন বদুলাল চেৰিটেবুল চিকিৎসালয় নামেৰে মুকলি কৰে । কামপুৰ কিচামৰ ৫২৫ নম্বৰ দাগত তিনি বিঘা দুই কঠা মাটিত থকা এই চিকিৎসালয়খন অৱশেষত কোনো অজ্ঞাত কাৰণত বদুলাল খাখলিয়াৰ নামৰ সলনি কামপুৰ ৰাজ্যিক চিকিৎসালয় হিচাপে প্ৰতিষ্ঠিত কৰে ।

১৯৮৬ বৰ্ষত অগপ দলৰ প্ৰথমটো কাৰ্যকালত কামপুৰত এখন ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ হোৱাৰ পিছতে এই চিকিৎসালয়খন চুড়ান্তভাৱে অৱহেলিত হৈ পৰে । জানিব পৰা মতে কামপুৰ ৰাজ্যিক চিকিৎসালয়খনকে ৩০খন বিচনাযুক্ত স্বাস্থ্যকেন্দ্ৰলৈ দুই কি:মি দূৰত্বত নিৰ্মাণ কৰি পূৰ্বৰ চিকিৎসালয়খনৰ অস্তিত্ব বিলোপ ঘটোৱা হৈছিল । তথাপি এখন পুৰণি চিকিৎসালয় হিচাপে চৰকাৰী স্থিতি নাথাকিলেও কামপুৰ সামূহিক স্বাস্থ্যকেন্দ্ৰই এজন চিকিৎসকক নিযুক্ত কৰি দিনে গড়ে এশ গৰাকীতকৈও অধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে ।

আনহাতে,চিকিৎসালয়খনত চিকিৎসকৰ আৱাস গৃহকে আদি কৰি বিভিন্ন গৃহৰ জৰাজীৰ্ণ ৰূপটোৱে বসবাসৰ অনুপযোগী কৰি তুলিছে।বৰ্তমান স্বাস্থ্য বিভাগত যথেষ্ট পৰিৱৰ্তন আনিবৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও কামপুৰৰ এই পুৰণি চিকিৎসালয়খনক পুনৰ এখন পূৰ্ণাঙ্গ ৰাজ্যিক চিকিৎসালয় হিচাপে অন্তৰ্ভুক্ত নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি আহিছিল ।

কামপুৰৰ বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে কামপুৰ ৰাজ্যিক চিকিৎসালয়খনক পুনৰ এখন পুৰ্ণাংগ চিকিৎসালয় হিচাপে আঁচনিৰ অন্তৰ্ভুক্ত কৰিবৰ বাবে মাাজে সময়ে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰি আহিছিল যদিও কৰ্তৃপক্ষই বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছিল । কিন্ত শেহতীয়া ভাৱে কামপুৰীয়া ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই আৰু কামপুৰৰ অগ্ৰনী যুৱক বাবুল বৰা ; বিশ্বজিৎ বৰাকে ধৰুি বিভিন্ন পদক্ষেপৰ পিছত

কামপুৰৰ এই ৰাজ্যিক চিকিৎসালয় খনক স্বাস্থ্য বিভাগে আধুনিকৰন কৰি নিৰ্মান কৰিব লোৱাত সন্তুস্তি প্ৰকাশ কৰিছে কামপুৰৰ ৰাইজে ।প্ৰায় এক কোটিত কৈ অধিক টকাৰে নিৰ্নান হব লগীয়া স্বাস্থ্য কেন্দ্ৰ খনত দহ খন বিচনাযুক্ত হোৱাৰ লগতে বিভিন্ন সুবিধা উপলব্ধ হব ।

আধাৰশিলা স্থাপন অনুস্থানত উপস্থিত থাকে কামপুৰ চক্ৰ বিষয়া গৰাকীৰ লগতে বি জে পি নেতা জিতু গোস্বামী ;বাবুল বৰা ; কামপুৰ নগৰ সমিতিৰ সভাপতি ললিত ভড়ালী ;মল লিকা শইকীয়া লস্কৰ ;মহকুমা আৰতি হাজৰীকা ;কামপুৰ এফ ইউৰ উপ অধিক্ষক পলাশ গোস্বামীকে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী আৰু কামপুৰ পৌৰ সভাৰ দুই ৱাৰ্ডৰ সদস্য মুন পাঠক ;বিশ্ব জিৎ বৰা আদি উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in