কামপুৰত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

কামপুৰত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ এগৰাকী হৃদয়বান মহিলা, নাম জুন মেচি৷ কৰ্ম সূত্ৰে দিল্লীত থাকে মহিলা গৰাকী৷ অসমৰ বান পৰিস্থিতিৰ বিষয়ে প্ৰচাৰ মাধ্যমত অৱগত হৈ হৃদয়ে কান্দি উঠিল মহিলা গৰাকীৰ৷ তেওঁ যোগাযোগ কৰিলে কামপুৰৰ পিতৃ-মাতৃৰ, লগতে তেওঁ খবৰ ল'লে বন্যাৰ্তৰ৷

মহিলা গৰাকীয়ে নিজ পিতৃ-মাতৃৰ জৰিয়তে কামপুৰ নিজ নাৰিকলি আদৰ্শ গাঁৱৰ বানাক্ৰান্ত সকললৈ আগবঢ়ালে চাউল, দালি, আলু, মিঠাতেলকে ধৰি কিছু খাদ্য সামগ্ৰী৷ হৃদয়বান মহিলা গৰাকীৰ এই পদক্ষেপক সলাগ লৈছে সকলোৱে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in