বানৰ ভয়াৱহ ৰূপ! কামপুৰৰ গৰুবাট আৰু জৰাবাৰী মৌজাৰ লগতে বহু ঠাই জলমগ্ন… VIDEO

বানৰ ভয়াৱহ ৰূপ! কামপুৰৰ গৰুবাট আৰু জৰাবাৰী মৌজাৰ লগতে বহু ঠাই জলমগ্ন… VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ অবতৰীয়া বানে তাণ্ডৱ চলাইছে কামপুৰ ৰাজহচক্ৰৰ বিভিন্ন এলেকাত বানে সংহাৰ সৃষ্টি কৰিছে।নিশাৰ ভাগত হঠাৎ পানী সোমাই অহাত জলবন্দী হৈ পৰে বহু লোক ।সন্ধ্যা ৬ বজাত কামপুৰ নগৰৰ ৫ নং ৱাৰ্ডত অঘটণ সংঘটিত হয় ।

হঠাৎ কপিলী নদীয়ে ভয়াবহ ৰূপত লৈ খহাই নিলে ভলভলীয়া গাঁৱৰ মাথাউৰি ৷মাথাউৰিটো খহাই নিয়াত বানৰ মাজত আৱদ্ধ হৈ পৰে বহু কেইটা পৰিয়াল। পিছত কাামপুৰৰ স্থানীয় যুৱক আৰু SDRF উদ্ধাৰ কাৰ্যত নামি পৰে।

উদ্ধাৰ কৰা লোক সকল পথৰ কাষতে আশ্ৰয় লয় ।একে অৱস্থা সৃষ্টি হয় কামপুৰৰ বিভিন্ন এলেকাত ।বৰ্তমান সমগ্ৰ কামপুৰ অঞ্চলেই জলমগ্ন হৈ পৰিছে ।কেইবাটাও মাথাউৰি আৰু কেইবাটাও গড়কাপ্তানী পথৰ ওপৰেদি বাগৰিছে পানী ৷ ন ন অঞ্চল প্লাবিত৷

বাৰেগোগা মাথাউৰি ওপৰৰে পানী বোৱাত বাৰেগোগাৰ লগতে নিজনাৰিকলিৰ গাঁৱৰ বহু পৰিয়াল হৈ পৰিছে গৃহহাৰ । বানৰ পৰা ৰক্ষা পাবৰ বাবে নিশাই ওখ ঠাইত ৰাইজে আশ্ৰয় লয় ৷ কামপুৰ যমুনামুখ সংযোগী পথৰ ওপৰত একাঁঠু পৰ্যন্ত পানী ৷ কামপুৰ বকুলগুৰি কাৰ্বিাংলং সংযোগী পথৰ ওপৰেদিও বাগৰিছে বাঢ়নী পানী ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in