কামপুৰৰ বানত গৃহহীন হ’ল বহু পৰিয়ালঃ মুকলি আকাশৰ তলতে ৰন্ধা-বহা কৰিছে বানাক্ৰান্তই VIDEO

কামপুৰৰ বানত গৃহহীন হ’ল বহু পৰিয়ালঃ  মুকলি আকাশৰ তলতে ৰন্ধা-বহা কৰিছে বানাক্ৰান্তই VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত বৰপানী নৈয়ে সকলো নিঃশেষ কৰা আজি বিশটা দিন অতিক্ৰম কৰিলে । বান পৰিস্থিতি হ্ৰাস পোৱাৰ পিছতো হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে দেখা গৈছে এক ভয়াবহ দৃশ্য । হাজাৰ হাজাৰ বিঘা বৰোধানৰ খেতি বিনষ্ট হোৱাৰ লগতে বৰপানী নৈৰ বাঢ়নী পানীয়ে ভাঙি লৈ গ'ল কেইবাটাও বাসগৃহ।

ফলত গৃহহীন হৈ পৰিছে বহু পৰিয়াল । মুকলি আকাশৰ তলতে ৰন্ধা বহা কৰিব লগা হৈছে গৃহহীন লোক সকলে । বান কমিল যদিও একাংশ আজিও উভতি যাব পৰা নাই আপোন ঘৰ খনলৈ । আপোন ঘৰখন দেখি হতস্বকিত হৈ পৰিছে বানাক্ৰান্ত ।

উল্লেখ্য যে বানৰ কবলত পৰি বানাক্ৰান্তই বৰ্তমানেও ককবকাই থাকিব লগা হৈছে যদিও এই ক্ষেত্ৰত জিলা প্ৰশাসন কিম্বা জনপ্ৰতিনিধি সকলে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । আজিও সেই স্থানত উপস্থিত হোৱা নাই সাংসদ গৰাকীকে ধৰি জনপ্ৰতিনিধি সকল । সকলো গভীৰ নিদ্ৰাত মগ্ন হৈ থকা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in