বছৰৰ প্ৰথমটো বানত বুৰিল নগাঁৱৰ বিস্তৃত অঞ্চল, VIDEO

বছৰৰ প্ৰথমটো বানত বুৰিল নগাঁৱৰ  বিস্তৃত অঞ্চল, VIDEO

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথমটো বানত নগাওঁ জিলাৰ কচুৱা অঞ্চলত বিস্তৰ ক্ষতিসাধন। ফেনেফুটুকাৰে বাঢ়িছে বৰপানী নৈ। পুৱা চাৰি বজাত মাধৱপাৰ প্ৰমিলা সংযোগী বৰপানী নদীৰ মাথাউৰি ভাঙি হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতি সাধন।

কামপুৰ ৰাজহচক্ৰৰ মাধৱপাৰা, প্ৰমিলা, জুৰিপাৰ কচুৱা আদি পঞ্চায়তৰ ব্যাপক কৃষি ভূমিৰ ব্যাপক
ক্ষতি সাধন। বড়ো খেতিৰ পকা ধান কাটিবৰ সময়ত হোৱা বানত মুৰে কঁপালে হাত দিছে কৃষকে।

ইফালে চৰকাৰৰ অকাৰ্যক্ষম ব্যৱস্থাৰ বাবেই এনেদৰে বানপানী হোৱা বুলি অভিযোগ কৰিছে কেবাটাও সংগঠনে। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে চৰকাৰ তথা জলসম্পদ বিভাগৰ লৰা ধেমালিৰ বাবেই ৰাইজ বিপদত পৰিছে বুলি মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in