মৃত্যুদূত বিদ্যুৎ বিভাগ! পুৱাই অঘটন, চাওক VIDEO

মৃত্যুদূত বিদ্যুৎ বিভাগ! পুৱাই অঘটন, চাওক VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ বিদ্যুৎ বিভাগৰ চুড়ান্ত গাফিলতিৰ বাবে এতিয়া বাৰে বাৰে ৰাজ্যত প্ৰাণ হেৰুৱাইছে নিৰিহ লোক কিম্বা বন্যপ্ৰাণীয়ে। বিভাগটোৰ অকৰ্মণ্যতাৰ বাবেই শুকুৰবাৰে পশ্চিম কাৰ্বি আংলং জিলা আৰু নগাঁও জিলাৰ সীমান্তবৰ্তী অঞ্চল তৰাডুবিত খাদ্যৰ সন্ধান কৰি এটা হাতীৰ জাকে বনাঞ্চলৰ পৰা জনানঞ্চললৈ উলাই আহি পুনৰ পুৱতি নিশা বনাঞ্চললৈ যোৱাৰ পথত ১১ হাজাৰ ভল্টৰ বিদুৎ পৰিবাহী তাঁৰত লাগি পোৱালি থকা মাইকী হাতীজনীৰ মৃত্যু হয়।

উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰডাল মাটিৰ নিচেই তলত উলমি থকাৰ বাবেই বিদুৎপৃষ্ঠ হৈ মৃত্যু হবলগীয়া হয় হাতীটো।

পশ্চিম কাৰ্বি আংলং জিলা আৰু নগাঁও জিলাৰ সীমান্তবৰ্তী অঞ্চল তৰাডুবিত ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in