কামপুৰত অবৈধ শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য, সাংবাদিকৰ কেমেৰা দেখি পলায়ন চালান বিহীন ডাম্পাৰৰ, VIDEO

কামপুৰত অবৈধ শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য, সাংবাদিকৰ কেমেৰা দেখি পলায়ন চালান বিহীন ডাম্পাৰৰ, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত অবৈধ শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য। সাংবাদিকৰ কেমেৰা দেখি পলায়ন চালান বিহীন ডাম্পাৰৰ৷ কামপুৰৰ পতিয়াপামৰ ৰাইজে আবদ্ধ কৰি ৰাখিছে কেইবাখনো ডাম্পাৰ। ৰাইজৰ অভিযোগ ৰে'ল বিভাগৰ দ্বিতীয়টো ৰে'লপথ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা ডাম্পাৰসমূহ দৈনিক চলাচল কৰি পতিয়াপাম গাঁৱৰ পথতো বিধ্বস্ত কৰিছে। যাৰ বাবে যাতায়তত অসুবিধাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ৷

স্থানীয় ৰাইজে উক্ত পথটো বন্ধ কৰি ডাম্পাৰ কেইখন আবদ্ধ কৰি ৰাখি খবৰ দিয়ে সাংবাদিকক৷ আৰু সাংবাদিকৰ কেমেৰা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে এন এফ ৰে'লৱেৰ পথ নিৰ্মাণত ব্যৱহিত শিল কঢ়িয়াই অনা ডাম্পাৰ কেইখন। কিন্তু কিয় কেমেৰা দেখি পলাল শিল ভৰ্তি ডাম্পাৰ কেইখন। তাৰ পাছতে উলাল উৰহীৰ ওৰ।

কেচু খান্দোতেই ওলাল সাপ৷ শিল কঢ়িওৱা ডাম্পাৰ কেইখনৰ নাছিল কোনো বৈধ চালান। হয়, এনেদৰেই দৈনিক ৫০ ৰ পৰা ১০০ খনকৈ ডাম্পাৰে বন বিভাগৰ একাংশ লোকক মেনেজ কৰি বন কাৰ্যালয়ৰ সন্মুখেৰে চৰকাৰক কৰ ফাঁকি দি এন এফ ৰে'লৱেৰ পথ নিৰ্মাণত ব্যৱহিত শিল যোগান ধৰি আহিছে একাংশ বন মাফিয়াই৷

এই বন মাফিয়াৰ সকলৰ মাজত একাংশ বিজেপি কৰ্মী জড়িত থকাৰ লগতে চৰকাৰৰ একাংশ বৰমূৰীয়াৰো আৰ্শীবাদ থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ এতিয়া প্ৰশ্ন হয়, কথাই প্ৰতি দূৰ্নীতিত শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা বিজেপি চৰকাৰ তথা বন বিভাগৰ বিষয়া সকলে ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in