৬দিনৰ বাবে কামপুৰ সম্পূৰ্ণ বন্ধ ঘোষণা…

৬দিনৰ বাবে কামপুৰ সম্পূৰ্ণ বন্ধ ঘোষণা…

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ এজন যুৱকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতিক লৈ এতিয়া অধিক শংকিত হৈ পৰিছে সমগ্র কামপুৰ বাসী। কিয়নো মহামাৰী কোৰোনাৰ গ্ৰাসত পৰা কামপুৰৰ অভিনৱ পৰশ নাথ নামৰ এইজন যুৱকে যোৱা তিনি-চাৰিদিন ধৰি কামপুৰ নগৰৰ দোকান বজাৰকে আদি কৰি বিভিন্ন স্থানত ঘুৰি ফুৰাৰ অভিযোগ উঠিছে।

লগতে দুদিন আগত কোভিড-১৯ত আক্ৰান্ত হোৱা এইজন যুৱকে কামপুৰ দৰঙ্গীয়াল গাঁৱৰ শহুৰেকৰ ঘৰত বহু সময় অতিবাহিত কৰিছিল বুলি প্ৰকাশ স্থানীয় প্ৰত্যক্ষদৰ্শীৰ। সেয়েহে কোৰোনাৰ সামাজিক সংক্ৰমনৰ ভয়ত সমগ্র কামপুৰ আজি কম্পিত হৈ পৰাৰ লগতে যুৱকজনে প্ৰৱেশ কৰা শহুৰেকৰ ঘৰ দৰঙ্গীয়াল গাঁৱৰ বাসিন্দা সকলে সামাজিক সংক্ৰমণৰ ভয়ত আতংকিত হৈ পৰিছে।

বৰ্তমানলৈকে গাঁওখনত কোনো স্বাস্থ বিভাগৰ লোক উপস্থিত নোহোৱাত প্ৰতিবাদমুখৰ হৈ পৰিছে গাঁওবাসী। ৰাইজৰ দাবী সোনকালে গাঁওখনত চেনিটাইজাৰৰ ব্যৱস্থা কৰি গাঁওবাসীক সুৰক্ষা প্ৰদান কৰাৰ দাবী তুলিছে গাঁওবাসীয়ে।

কোৰোনাত আক্ৰান্ত কামপুৰৰ এই যুৱকজনৰ পৰা সামাজিক সংক্ৰমণৰ ভয়াৱহ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সন্ধিয়া ৬ বজাৰ পৰা সম্পূৰ্ণ ছয় দিনৰ বাবে সমগ্র কামপুৰ লকডাউনৰ ঘোষণা কৰিছে কামপুৰৰ বজাৰ সমিতি,প্ৰেছ ক্লাৱ,সাংবাদিক সন্থাকে আদি কৰি কামপুৰৰ প্ৰতিটো সামাজিক- ৰাজনৈতিক দল সংগঠনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in