দলং নিৰ্মাণত ঠিকাদাৰৰ মইমতালিঃ জীয়াতু ভুগিছে ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় ৰাইজে…VIDEO

দলং নিৰ্মাণত ঠিকাদাৰৰ মইমতালিঃ জীয়াতু ভুগিছে ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় ৰাইজে…VIDEO

ডিজিটেল সংবাদ,কামপুৰঃ ৰহা সমষ্টিৰ কচুৱা তিনিআলিত ঠিকাদাৰৰ মইমতালিত ৰাইজৰ হাৰাশাস্তি। কাঠৰ দলংৰ ঠাইত নিৰ্মান কৰিলে বাঁহৰ দলং। বিধায়ক ডিম্বেশ্বৰ দাসৰ নিলিপ্ততা সুযোগ গ্ৰহণ কৰি উভত গোৰে নাচিছে ঠিকাদাৰ প্ৰদীপ কুমাৰ নাথে ।

এখন বাহঁৰ দলঙে জীয়াতু ভুগাইছে কচুৱাৰ তিনিআলি হাতিখুটিবাসীক। কামপুৰ বৈঠালাংচু পথৰ পৰা পশ্চিম বিৰিঙাআাটিলৈ উত্তৰ-পূৱ পৰিষদৰ কামপুৰৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ কাৰ্যালয়ে ভাৰত চৰকাৰৰ গ্ৰাম্য মন্ত্ৰণালয়ৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰি থকা পথটোত এখন দলং নিৰ্মান কাৰ্যত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে ।

এই পথটো ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে চলিত বৰ্ষৰ জানুৱাৰী মাহত আধাৰশিলা কৰি কামৰ শুভাৰম্ভ কৰিছিল । উল্লেখ্য যে দলং নিৰ্মান কৰাৰ আগত সেইঠাইত ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ এখন কাঠৰ দলং নিৰ্মাণ কৰিব লাগিছিল যদিও ঠিকাদাৰ প্ৰদীপ কুমাৰ নাথে কাঠৰ দলঙৰ বিপৰীতে বাঁহৰে এখন দলং নিৰ্মান কৰি দি দায়িত্ব সামৰে। যাৰ কাৰণে সেই বাঁহৰ দলং খনো ভাঙি উৱলি যোৱাত ৰোগী ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় লোকে যাতায়ত কৰাত তীব্ৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে।

বৰ্তমান বাঁহৰ দলং খনৰে যাতায়তৰ অনুপযোগী হৈ পৰাত বাঁহৰ দলঙৰ বিপৰীতে এখন কাঠৰ দলং নিৰ্মাণ কৰি যাতায়তৰ সুব্যৱস্থা কৰি দিবলৈ ৰাইজে দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in