দুই দিবাংগ শিল্পীৰ সুৱদী কণ্ঠই অনন্য ৰূপ দিলে কামপুৰৰ বিষ্ণুমেলাক, VIDEO

দুই দিবাংগ শিল্পীৰ সুৱদী কণ্ঠই অনন্য ৰূপ দিলে কামপুৰৰ বিষ্ণুমেলাক, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত অনুস্থিত হোৱা ৪৩ তম দৌল উৎসৱৰ অন্তিম দিনা দিব্যাংগ শিল্পীৰ দ্বাৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানে অনন্য ৰূপ প্ৰদান কৰে।

কপিলী পাৰত অনুষ্ঠিত হোৱা এই উৎসৱত দিব্যাংগ শিল্পীৰ ভিতৰত কামপুৰৰ মনি হাজৰিকা বৰা আৰু মৰিগাঁৱৰ খগেন শইকীয়াৰ কণ্ঠই মন্ত্ৰমুদ্ধ কৰি ৰাখে উপস্থিত ৰাইজক। কেইবাটাও ব্যক্তিগত টিভি চেনেলৰ লগতে বহু মঞ্চত গীত পৰিৱেশন কৰা মনি বৰা হাজৰিকা বাদ্যযন্ত্ৰৰ শিল্পী হিচাপেও ৰাইজক আপ্লুত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in