কামপুৰৰ গাৰোখুন্দাত বৰষুণ বিচাৰি ৰাইজৰ ভেকুলী বিয়া…VIDEO

কামপুৰৰ গাৰোখুন্দাত বৰষুণ বিচাৰি ৰাইজৰ ভেকুলী বিয়া…VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ আছে গৰু নাবায় হাল, সেই গৰু নোহোৱাই ভাল । তেনে এটা নিষ্কৰ্মা বিভাগ হৈছে ৰাজ্য চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগ । স্বাধীনতাৰ ৭টা দশকৰ পিছতো জলসিঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ বৃহত্তৰ অঞ্চলৰ কৃষক ।

জলসিঞ্চনৰ ব্যৱস্থা নথকাত ৰহা সমষ্টিৰ গাৰোখুন্দাত পথাৰতে মৰহি গৈছে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি । পথাৰত মেলিছে চিৰাল ফাঁট । হাহাকাৰ দেখিছে বতৰৰ ওপৰত নিৰ্ভৰশীল কামপুৰ গাৰোখুন্দাৰ কৃষকে । উপায়ন্তৰ হৈ ৰাইজে আশ্ৰয় লৈছে ভেকুলী বিয়াৰ ।

মহা ধুমধামেৰে আয়োজন কৰা হৈছে বিয়াৰ । আয়তীয়ে কপিলী নদীৰ পৰা পানী তুলি ককাল ঘূৰাই নাচিছে বেণ্ড পাৰ্টিৰ শব্দত । নোৱাই-ধোৱাই, আখৈ তোলা পৰা ধৰি হোম যজ্ঞলৈকে এখন পূৰ্ণাংগ বিয়া। মুঠতে সম্পূৰ্ণ ৰীতি-নীতিৰে অনুষ্ঠিত হল বিয়া।

প্ৰবাদ আছে, যেতিয়া বৰষুণ নহয়,তেতিয়া ভেকুলী বিয়া পাতিলে হেনো বৰুণ দেৱতা সন্তুষ্ট হয় আৰু ধৰালৈ নামি আহে বৰষুণ । কৃষকৰ সপোন সোণোৱালী কৰিবলৈ লাগে এজাক বৰষুণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in