কামপুৰত ৰাইজ অতিষ্ঠ লোড ছেডিঙত, এ এছ ই বি কৰ্মী ব্যস্ত জুৱা-সুৰাত

কামপুৰত ৰাইজ অতিষ্ঠ লোড ছেডিঙত, এ এছ ই বি কৰ্মী ব্যস্ত জুৱা-সুৰাত

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা কামপুৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। একাংশ যুৱকে ঘেৰাও কৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয়টো।

যুৱক কেইজনৰ মতে, নিশা হ'লেই সঘনে বিদ্যুৎ কৰ্তন হয় কামপুৰত আৰু কাৰ্যালয়টোত চলে সুৰাৰ আড্ডা। যোৱা নিশাও আন নিশাৰ দৰে প্ৰায় গধূলি ৬ বজাৰৰ পৰা নিশা ১১বজালৈ কৰ্তন হৈ আছিল বিদ্যুৎ।

সেয়ে খং আৰু যান্ত্ৰনাত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টো ঘেৰাও কৰে যুৱকে কেইজনে। আৰু কাৰ্যালয়টোৰ পৰা উদ্ধাৰ কৰে বহু কেইটা সুৰাৰ বটল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in