এতিয়া বজাৰতে পাব কৃষি বিভাগৰ অনুদান! কিন্তু কোনে দিব… VIDEO

এতিয়া বজাৰতে পাব কৃষি বিভাগৰ অনুদান! কিন্তু কোনে দিব… VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কৃষি বিভাগৰ অনুদান লাগে নেকি। ৰাঙলু বজাৰলৈ আহক। ৰাঙলু বজাৰত বিক্ৰী হৈছে মুখ্যমন্ত্ৰীৰ সা সজুলি যোজনাৰ আবেদন ফৰ্ম। পাঁচশ  টকা দিয়ক অনুদানৰ ফৰ্ম লওঁক। নগাঁৱৰ পাচলি খেতিৰ বাবে বিখ্যাত ৰাঙলু ননৈ এলেকাত মুখ্যমন্ত্ৰী সা-সজুলি যোজনাৰ বৃহৎ বজাৰ মেলাৰ অভিযোগ উঠিছে গ্ৰামসেৱক ৰজত বৰাৰ বিৰুদ্ধে।     

মুখ্যমন্ত্ৰী কৃষি সা-সজুলি যোজনা আঁচনিৰ নামত নগাঁৱৰ কৃষি বিভাগত চলিছে ব্যাপক লুণ্ঠন। আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ নামত কৃষকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছে গ্ৰামসেৱক ৰজত বৰাৰ বিৰুদ্ধে।

আঁচনিখনৰ জৰিয়তে কৃষকক কৃষি সজুলি কিনিবৰ বাবে পাঁচ হাজাৰ টকাকৈ কৃষি বিভাগৰ পৰা দিয়া হয় যদিও নগাঁৱৰ ৰাঙলু ননৈ এলেকাৰ গ্ৰামসেৱক ৰজত বৰাই কৃষক পৰা পাঁচশ কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এইক্ষেত্ৰত গ্ৰাম সেৱক জনে কোনো পঞ্চায়ত সভাপতিৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ হিতাধিকাৰী নিৰ্বাচন কৰাৰো অভিযোগ উঠিছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈ সময়তে কৃষকৰ বাবে থকা আঁচনিৰ বাবদ ধন সংগ্ৰহ কৰা এইজন গ্ৰামসেৱকৰ বিৰুদ্ধ এক তদন্ত কৰি ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে কৃষকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in