কামপুৰত পূজাৰ চান্দা তোলা দলক মহতিয়ালে মটৰ চাইকেলে, ২জনে হেৰুৱালে প্ৰাণ

কামপুৰত পূজাৰ চান্দা তোলা দলক মহতিয়ালে মটৰ চাইকেলে, ২জনে হেৰুৱালে প্ৰাণ

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কামপুৰৰ কামপুৰ-কঠিয়াতলী পথত সংগটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। তীব্ৰ বেগী বাইক দুৰ্ঘটনাত দুজনকৈ লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হৈছে। জানিব পৰা মতে কামপুৰ-কঠিয়াতলী পথৰ তেতেলিসৰা গ্ৰাণ্টত পলশা গাঁৱৰ বাসন্তি পূজাৰ চান্দা তোলা দলক মহতিয়ালে বাইক আৰোহীয়ে।

দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ এএছ০২-ইউ-৪৪৫০। কঠিয়াতলী দিশৰ পৰা কামপুৰ অভীমুখে আহি থকা তীব্ৰ বেগী বাইক খনত অহা
দুই বাইক আৰোহী সহ আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোক ৩জন ক্ৰমে প্ৰমেচ নাথ, লক্ষ্য বৰা আৰু নাৰায়ণ গগৈ। আহত তিনিওকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও বাইক আৰোহি লক্ষ্য বৰা আৰু প্ৰমেশ নাথৰ চিকিৎসালয়ত মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in