বৰপানীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে কিশোৰীয়ে…

বৰপানীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে কিশোৰীয়ে…

ডিজিটেল সংবাদ, কামপুৰঃ কচুৱা থানাৰ অন্তৰ্গত কচুৱা ৰমনি পথাৰত অঘটন৷ বৰপানী নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী কিশোৰীৰ৷ দুপৰীয়া লগৰীয়া ছোৱালীৰে বৰপানী নদীত গা ধূবলৈ যায় কিশোৰীগৰাকী৷ গা ধুই উভতি অহাৰ সময়ত পুনৰ আৰু এটা ডুব মাৰি পানীৰ তলত সোমাই যায়৷ তাৰ পিছতে সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

ইনা বেগম নামৰ ১১ বছৰীয়া কিশোৰীগৰাকী পানীৰ তলৰ পৰা উঠি নহাত নদীৰ পাৰত থকা লগৰীয়াসকলে কান্দিবলৈ ধৰে৷ খবৰটো সৰ্বত্ৰে প্ৰচাৰিত হোৱাত কামপুৰৰ পৰা ডুবাৰু দল এটা আহি নদীত অভিযান চলাই বিয়লি কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷

গেৰজাইপামৰ ইমৰান হুচেইনৰ কন্যা তথা শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ইনা বেগম৷ অমায়িক ইনাৰ কৰুণ মৃত্যুত অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in