কমাৰবন্ধা ৰেল ক্ৰচিঙত উৰণীয়া সেতু নিৰ্মাণৰ দাবী কমাৰবন্ধা বাসী ৰাইজৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কমাৰবন্ধাঃ ঐতিহাসিক ধোদৰ আলি ৰাজ্যখনৰ অন্যতম এটা ব্যস্ত পথ। উক্ত পথত অৱস্থিত কমাৰবন্ধা ৰেল ক্ৰচিঙত ঘন্টা ঘন্টা ধৰি আবদ্ধ হ'ব লগা হয় যান বাহনসমূহ। কিয়নো ব্যস্ত পথটোৰ ওপৰেৰে পাৰ হৈ গৈছে ফৰকাটিংৰ পৰা মৰিয়নী অভিমুখী ৰে'লপথটো। ৰে'ল অহাৰ বাবে কেতিয়াবা ঘণ্টাৰ পিছত ঘন্টা পথটোৰে পাৰ হৈ যাব নোৱাৰে বাহনসমূহ। ফলত ৰে'ল ক্ৰচিংটোৰ দুয়োপাৰে শ শ গাড়ী প্ৰায় আধা কিলোমিটাৰ পৰ্যন্ত দুৰলৈকে পথত ৰৈ থাকিবলগীয়া হয়। যাৰ ফলত সাধাৰণ ৰাইজৰ লগতে ৰোগী কঢ়িওৱা এম্বুলেঞ্চসমূহ বহু সময়ত অসুবিধাৰ সন্মুখীন হয়।

সেই দিশৰ পৰা চালে উক্ত ৰেল ক্ৰচিংটোত এখন উৰণীয়া সেতুৰ অতিকৈ প্ৰয়োজন। উৰণীয়া সেতু নিৰ্মাণৰ দাবী তুলি কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি স্থানীয় ৰাইজ তথা কমাৰবন্ধাৰ অঞ্চলৰ দল-সংগঠনসমূহে বহুবাৰ প্ৰতিবাদী কায্যসূৰ্চী ৰূপায়ণ কৰি আহিছে। কিন্তু আজি পৰ্যন্ত এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে৷

সেয়েহে অতি শীঘ্ৰে এখন উৰণীয়া সেতু নিৰ্মাণৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। কেন্দ্ৰীয় আৰু ৰাজ্যশাসিত বিজেপি চৰকাৰ আৰু উওৰ-পূৱ সীমান্ত ৰেলৱে তিনিচুকীয়া সংমণ্ডলে বিষয়টো গুৰুত্ব সহকাৰে লৈ এটা সু-ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে কমাৰবন্ধাবাসী ৰাইজসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in