তেজপুৰ ডিটেনচন কেম্পত বন্দী ডবকাৰ দুই সন্তানৰ মাতৃ চন্দা পালৰ ঘৰত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্ত, VIDEO

তেজপুৰ ডিটেনচন কেম্পত বন্দী ডবকাৰ দুই সন্তানৰ মাতৃ চন্দা পালৰ ঘৰত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্ত, VIDEO

ডিজিটেল সংবাদ, ডবকাঃ বৈধ নথি পত্ৰ থকাৰ পাছতো সুদীৰ্ঘ দুবছৰ কাল ধৰি ডবকাৰ চন্দা ৰাণী পাল নামৰ এগৰাকী বোৱাৰী তেজপুৰ ডিটেনচন কেম্পত বন্দী হৈ আছে৷ বুধবাৰে খবৰ লোৱাৰ উদ্দেশ্যেৰে চন্দা ৰাণীৰ পালৰ ঘৰত উপস্থিত হয়হি উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্ত৷ বিধায়ক গৰাকীয়ে চন্দাৰ দুই এমা ডিমা সন্তানৰ উপৰিও পৰিয়ালৰ আন সদস্য সকলোৰো খবৰ লয়।

ডবকা চহৰৰ ৬ নং ৱাৰ্ডৰ এগৰাকী বোৱাৰী, নাম চন্দা ৰাণী পাল। পিতৃ তথা বোৱাৰী গৰাকীৰ সকলো বৈধ নথি পত্ৰ থকাৰ পাছতো বিগত দুবছৰ কাল ধৰি তেজপুৰ ডিটেনচন কেম্পত বন্দী হৈ আছে৷ এটি ৫ বছৰীয়া আৰু এটি ৩বছৰীয়া শিশুৰ মাতৃ হোৱাৰ পিছতো ৰেহাই পোৱা নাই মহিলাগৰাকীয়ে।

সমগ্ৰ দিনটো শিশু দুটিয়ে ঘৰতে থাকি মাতৃ অহালৈ বাট চাই থাকে৷ শিশু দুটিৰ এই কৰুন কাহিনী সংবাদমাধ্যমত ধাৰাবাহিক ভাবে সমপ্ৰচাৰিত হোৱাৰ পাছত বুধবাৰে বোৱাৰী গৰাকীৰ ঘৰত আহি উপস্থিত হয়হি উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্ত৷

বিধায়ক গৰাকীয়ে ডিটেনচন কেম্পত বন্দী হৈ থকা চন্দা ৰাণী পালৰ সমূহ নথি পত্ৰ চোৱাৰ লগতে দুটি সন্তান আৰু পৰিয়ালবৰ্গৰ খবৰ লয়৷ সেই সময়ত চন্দা পালৰ গৃহত উপস্থিত থকা ৰাইজে সন্তান দুটিয়ে ভূগীবলগীয়া অহা সমগ্ৰ ঘটনাবলী বিধায়ক গৰাকীক অৱগত কৰায়৷ সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত বিধায়ক গৰাকীয়ে কয় যে, চন্দা ৰাণী পালক ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁ যথা সম্ভৱ সকলো সহায় কৰি যাব৷

বিধায়ক গৰাকীয়ে চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ কয় যে, বিজেপি চৰকাৰৰ শাসনকালত বঙালী মানুহক আটাইতকৈ বেছি অত্যাচাৰ কৰা হৈছে৷ ডিটেনচন কেম্পত এটিয়ালৈকে যিমান লোকৰ মৃত্যু হৈছে তাৰে বেছিভাগ বঙালী সম্প্ৰদায়ৰ৷ আনহাতে এবছৰীয়া এটি শিশুক মাতৃহাৰা কৰি চৰকাৰে মানৱ অধিকাৰ উলংঘন কৰাৰো অভিযোগ কৰে বিধায়কগৰাকীয়ে৷

ইফালে ইয়াৰ লগতে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱকো তেওঁ সমালোচনা কৰে৷ সংবাদমাধ্যমত এটি বিশেষ সম্প্ৰদায়ৰ লোকক গালি গালাজ কৰি থকা বিধায়ক গৰাকীয়ে নিজৰেই সম্প্ৰদায়ৰ চন্দাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ লবলৈ আহৰি নহ'ল বুলি অভিযোগ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in