সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডৰ ২৭ বছৰ সম্পূৰ্ণ

সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডৰ ২৭ বছৰ সম্পূৰ্ণ

ডিজিটেল ডেস্কঃ সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডই ২৭ বছৰ অতিক্ৰম কৰিলে যদিও আজিও পোহৰলৈ নাহিল হত্যাকাৰীৰ নাম। ১৯৯১চনৰ ৯ আগষ্টত সাংবাদিক কমলা শইকীয়াক শিৱসাগৰত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল।

সেই সময়ত সাংবাদিকগৰাকীৰ হত্যাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে শিৱসাগৰ থানাত ২৯১/১৯৯১ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছিল। তদন্তত আৰক্ষীয়ে কোনো হত্যাকাৰীৰ শুংসূত্ৰ আৰু তথ্যপ্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰাত গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰা হৈছিল।

১৯৯৮ চনৰ ৫ ছেপ্টেম্বৰত শিৱসাগৰ আৰক্ষীয়ে ৰুজু কৰা গোচৰ বন্ধ কৰা হয়।  ২০০৮চনত চি আই ডিয়েও কোনো নিৰ্দিষ্ট অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব নোৱাৰাকৈয়ে গোচৰটো সামৰি থয়।

কমলা শইকীয়াৰ পৰিয়ালে আৰক্ষীৰ তদন্তত সন্তুষ্ট নহৈ চি বি আইৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। অসম চৰকাৰকো সাংবাদিক কমলা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ চি বি আইলৈ হস্তান্তৰৰ দাবী জনাইছিল পৰিয়ালৰ লোকে।

পৰৱৰ্তী সময়ত কমলা শইকীয়াৰ পুত্ৰ ধনঞ্জয় শইকীয়াই গোচৰটো পুনৰ মুকলি কৰি চি বি আইৰ জৰিয়তে তদন্ত কৰিবলৈ আৱেদন জনাই আদালতৰ কাষ চাপে। সেই সময়ত আলফাৰ সদস্যৰ দ্বাৰা এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছিল।

লক্ষণীয়ভাৱে এক সংবাদমেলত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ২০১৬চনৰ ২৮ জুনত দিয়া এক সংবাদমেলত সেই সময়ৰ শিৱসাগৰ জিলাৰ আলফাৰ সদস্যৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ স্পষ্ট ইংগিত দিছিল। কিন্তু এই সাংবাদিকজনৰ হত্যাকাণ্ডৰে জড়িত কোনো এজন অপৰাধীৰেই আজি পৰ্যন্ত শাস্তি নহ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in