ছয়গাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰঃ বন্যাৰ্তক ক্ষতি পূৰণৰ আশ্বাস, বানত ক্ষতিগ্ৰস্ত কৃষকক আৰ্থিক সাহায্যৰ দাবী আমছুৰ

ছয়গাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰঃ বন্যাৰ্তক ক্ষতি পূৰণৰ আশ্বাস, বানত ক্ষতিগ্ৰস্ত কৃষকক আৰ্থিক সাহায্যৰ দাবী আমছুৰ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত চাম্পুপাৰা, হাতীশলাত শুকুৰবাৰে দুপৰীয়া প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ডাঃ কমলাকান্ত কলিতাই বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তসকলৰ সৈতে মত-বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়৷ উল্লেখ্য যে, ছয়গাঁৱৰ কলহী নৈৰ বাঢ়নী পানীয়ে লাৰুৱাজান, চাম্পুপাৰা গাঁও, চাম্পুপাৰা পথাৰ, হাতীশলাপাম, হাতীশলা গাঁও, কৰাইবিল আদি অঞ্চলৰ ইৰিধান খেতি প্লাৱিত কৰিছে৷ ফলত ফলত অঞ্চলটোৰ বৃহৎসংখ্যক কৃষক ৰাইজে ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ জানিব পৰামতে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ডাঃ কমলাকান্ত কলিতাই শুকুৰবাৰে দুপৰীয়া চাম্পুপাৰা, লাৰুৱাজান, হাতীশলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়৷

পৰিদৰ্শন কালত ডাঃ কলিতাই ৰাইজ তথা স্থানীয় গাঁওবুঢ়াৰ সৈতে মত-বিনিময় কৰি বন্যাৰ্তক চৰকাৰী সাহায্যৰ প্ৰদানৰ আশ্বাস দিয়ে৷ আনহাতে যোৱা এক মাৰ্চত ভাউৰীয়াভিঠাত ভূমি বিবাদক কেন্দ্ৰ কৰি চাম্পুপাৰা গাঁৱৰ একেটা পৰিয়ালৰ দুজন লোক নিহত হয়৷ অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ডাঃ কমলাকান্ত কলিতাই শুকুৰবাৰে চাম্পুপাৰা গাঁৱৰ ভূমি বিবাদত নিহত আয়নাল হকৰ বাসভৱনত উপস্থিত হৈ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ কাৰ্যসূচীত পূৱ ছমৰীয়া গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি আমিনুল ইছলাম, জ্যেষ্ঠ অগপ কৰ্মকৰ্তা যথাক্ৰমে স্বাহাৱউদ্দিন চৌধুৰী, আক্কাছ আলী আহমেদ, নুৰুল ইছলাম, জাকিৰ হুছেইন, মন্তাজ আলী, আব্দুল আৱাল চাহাব প্ৰমূখ্যে দলীয় কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে৷

আনহাতে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত বানে ক্ষতি কৰা কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে আমছুৰ গৰৈমাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নে৷ উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ছয়গাঁও সমষ্টিৰ চাম্পুপাৰা, হাতীশলা, লাৰুৱাজান, কৰাইবিলৰ উপৰি কেইবাখনো গাঁও ভয়াৱহ বানৰ কৱলত পৰিছে৷ কলহী নৈৰ ভয়াৱহ বানৰ ফলত অঞ্চলকেইটাৰ শ শ বিঘা ইৰিধান খেতিৰ লগতে পুখুৰীবোৰো পানীত বুৰ গৈছে৷

ফলত দৰিদ্ৰ কৃষকসকল বিস্তৰ ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালকৈ দেশৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ কৃষি তথা মীন পালনৰ ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখীন হোৱা দৰিদ্ৰ কৃষকসকলক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ দাবীত আমছুৰ গৰৈমাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সজাঁতী দল এটাই শুকুৰবাৰে গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ কাৰ্যসূচীত গৰৈমাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ওমৰ ফাৰুক, সম্পাদক নজৰুল ইছলাম, আফাজউদ্দিন আহমেদ, ইমদাদ হুছেইন প্ৰমূখ্যে আমছুৰ নেতৃবৃন্দ অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in