শেহতীয়া খবৰ
মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO

কোনটো আৰু কেতিয়া ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল বিজেপি চৰকাৰেঃ প্ৰশ্ন মুখ্যমন্ত্ৰী কমলনাথৰ…

212

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন উত্থাপন কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথে বৃহস্পতিবাৰে কয় যে মোডী চৰকাৰে কেৱল ৰাষ্ট্ৰবাদৰ কথাহে কব জানে। মোডী চৰকাৰে ক’ত আৰু কেতিয়া ছাৰ্জিকেল কৰিছিল, সেই কথা দেশবাসীক মুকলিকৈ অৱগত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৃহস্পতিবাৰে চিণ্ডৱাড়াৰ আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী কমলনাথে কয়, ‘বিজেপিয়ে পাকিস্তানৰ কথা কয়। কিন্তু তেওঁলোকে সেই কথাত গুৰুত্ব নিদিয়ে যে ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়তে ৯০ হাজাৰ পাকিস্তানী সেনাই সমৰ্পণ কৰিছিল। তেওঁলোকে সেই কথা নকয়, কয় কেৱল ৰাষ্ট্ৰবাদৰ কথা। তেওঁলোকে কোনটো আৰু কেতিয়া ছাৰ্জিকেল কৰিছে, সেয়া দেশবাসীক মুকলিকৈ কওঁক।’

আনহাতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ কৰি কমলনাথে কয়, ‘শিৱৰাজ সিং চৌহানে কেৱল শ্ৰেয় লোৱাৰ ৰাজনীতিহে কৰিব জানে। তেওঁৰ হাততকৈ মুখহে বেছিকৈ চলে। তেওঁৰ চৰকাৰত ৰাজ্যৰ কিমান উন্নয়ন হৈছিল, সেয়া ৰাজ্যবাসীয়ে দেখিছে, জানিছে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি