এ আই ইউ ডি এফৰ প্ৰাক্তন নেতা,বটদ্ৰৱাৰ সমাজকৰ্মী কমল হাজৰিকাৰ আকস্মিক মৃত্যু…

এ আই ইউ ডি এফৰ প্ৰাক্তন নেতা,বটদ্ৰৱাৰ সমাজকৰ্মী কমল হাজৰিকাৰ আকস্মিক মৃত্যু…


ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী সমাজকৰ্মী কমল হাজৰিকাই শনিবাৰে নিশা আকস্মিক ভাৱে মৃত্যুক সাৱটি লয়। ৬০ বছৰীয়া হাজৰিকাই বিয়লি ভাগত হথাৎ বুকুৰ বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও চিকিৎসাৰত অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত বিয়োগ হয়। কমল হাজৰিকা অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়োৱা ওপৰিও ৰাজনৈতিক ভাৱে সক্ৰিয় ব্যক্তি আছিল।

এ আই ইউ ডিএফ দলৰ জন্মৰ সময়ত কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ২০০৯ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ লোক সমষ্টিৰ পৰা তেওঁ নিৰ্দলীয় হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। ইয়াৰোপৰি বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ভিতৰুৱা গাঁও সমূহত আয়ুৰ্বেদিক চিকিৎসা সেৱা আগবঢ়াইছিল।

সৰবৰহী, মৃদুভাষী কমল হাজৰিকাৰ বিয়োগত সাংসদ বদৰউদ্দিন আজমল, বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা, বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামী, দিব্যজ্যোতি বৰুৱা, এ আই ইউ ডি এফ দলৰ নগাঁও জিলা সম্পাদক বদৰোজ্জাহ চৌধুৰী, বটদ্ৰৱা সমষ্টিৰ সমিতিৰ সভাপতি আবুল কাছেম, সমাজকৰ্মী হিৰণ্য কলিতা, হাৰুন আহমেদ, ৰাব্বুল আলমকে ধৰি বিভিন্ন জনে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in