কামাখ্যা মন্দিৰৰ সোনৰ গম্বুজৰ নিৰ্মান সমাপ্ত, বৃহস্পতিবাৰে মুকলি…

কামাখ্যা মন্দিৰৰ সোনৰ গম্বুজৰ নিৰ্মান সমাপ্ত, বৃহস্পতিবাৰে মুকলি…

ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন স্থানৰ মন্দিৰৰ দৰে ২০ কেজি সোনেৰে নিৰ্মান হ'ল কামাখ্যা মন্দিৰৰ গম্বুজ । এই গম্বুজত আছে ৩ তৰপীয়া সোনৰ কলহ । আজি অৰ্থাৎ বৃহস্পতি বাৰে মুকলি কৰা হয় । কামাখ্যা মন্দিৰৰ এই ২০ কেজি সোন দান কৰিছে দেশৰ উদ্যোগপতি মুকেশ আম্বানীয়ে ।

এই সোনৰ গম্বুজ নিৰ্মানৰ কাম ৰিলায়েন্সৰ অলংকাৰ বনোৱা কাৰিকৰে নিৰ্মান কৰি উলিয়াই । দীপাৱলীৰ সময়ত এই গম্বুজ মুকলি কৰাৰ কথা আছিল যদিও বৃহস্পতিবাৰে ইয়াক মুকলি কৰা হয় । মুকলি কৰাৰ পিছতে কামখ্যা মন্দিৰত যজ্ঞৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in