শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

৮ মাহৰ পাছত খোলা হ’ল কামাখ্যাৰ প্ৰৱেশ দ্বাৰ, ভক্তপ্ৰাণ ৰাইজৰ ভিৰ…

175

ডিজিটেল ডেস্কঃ কোৰোনা মহামাৰীৰ মাজতে দেওবাৰে পুৱা খোলা হ’ল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ। ভক্তপ্ৰাণ ৰাইজে পুৱাৰ পৰা ভিৰ কৰিছেহি মন্দিৰ দৰ্শনৰ বাবে। মা কামাখ্যাৰ আশীষ ল’বলৈ বিভিন্ন স্থানৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ।

উল্লেখ্য যে, দেওবাৰে পুৱা ৮ বজাৰ পৰা খোলা হৈছে কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ। কিন্তু মন্দিৰৰ মুল দুৱাৰ বন্ধ থাকিব। প্ৰায় ৮মাহৰ পাছত ভক্তৰ বাবে মুকলি কৰা হ’ল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ। শনিবাৰে দেৱালয় পৰিচালনা সমিতিয়ে মন্দিৰৰ প্ৰৱেশ দ্বাৰ খোলাৰ কথা সদৰী কৰিছিল।

অৱশ্যে মন্দিৰৰ প্ৰৱেশ দ্বাৰ খোলাৰ লগতে কোৰোনা সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ কঠোৰ নীতি-নিয়মো বান্ধি দিয়া হৈছে। স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত চিকিৎসা শিবিৰত ভক্তসকলে কোভিড ১৯ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰোৱা হৈছে ভক্তসকলৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি