২৩ ছেপ্তেম্বৰৰ পৰা কামাখ্যাত দুৰ্গাপূজা, দেৱালয়ৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সম্পৰ্কত জাৰি ৰাজহুৱা জাননী, পঢ়ক সবিশেষ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গাপূজাক কেন্দ্ৰ কৰি ব্যস্ততা দেখিবলৈ পোৱা গৈছে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন পূজা কমিটিসমূহত। ব্যতিক্ৰম নহয় মহানগৰীৰ কামাখ্যা দেৱালয়ো। ২৩ ছেপ্তেম্বৰ অৰ্থাৎ আহিন মাহৰ ৫ তাৰিখৰ পৰা কামাখ্যা দেৱালয়ত পালন কৰা হ'ব দুৰ্গা পূজা।

ইতিমধ্যে পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দেৱালয় কৰ্তৃপক্ষই। পূজাৰ বাবে কামাখ্যা দেৱালয়ৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সম্পৰ্কত এখন ৰাজহুৱা জাননী জাৰি কৰিছে দেৱালয়ৰ বিষয়ববীয়া সকলে।

জাৰি কৰা জাননী অনুসৰি ৫ আহিনৰ পৰা ৭ আহিনৰ লৈকে মন্দিৰৰ দুৱাৰ পুৱা ৮.৩০ বজাত খোলা হ'ব। ঠিক তেনেদৰে দুপৰীয়া ভোগ বিতৰণ কৰা হ'ব। পুনৰ আবেলি সূৰ্য্যাস্তৰৰ পাছত বন্ধ কৰা হ'ব কামাখ্যা দেৱালয়ৰ দুৱাৰ।

৮ আহিনৰ পুৱা ৯.৩০ বজাত দুৱাৰ খোলা হ'ব। দুপৰীয়া ভোগ বিতৰণ কৰাৰ পাছতে সূৰ্য্যাস্তৰৰ অন্তত পুনৰ বন্ধ কৰা হ'ব দুৱাৰ। ৯ আৰু ১০ তাৰিখতো পুৱা ৮.৩০ বজাত দুৱাৰ খোলা হ'ব। পুনৰ দুপৰীয়া ভোগ বিতৰণৰ অন্তত সূৰ্য্যাস্তত পাছতে বন্ধ কৰা হ'ব কামাখ্যা ধামৰ দুৱাৰ।

১১ আহিনৰ পৰা ১৫ আহিনৰ লৈকে পুৱা ৮.৩০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব। দুপৰীয়া ভোগ বিতৰণ কৰাৰ অন্তত পুনৰ বিয়লি ৪ বজাত বন্ধ কৰা হ'ব। ১৬ আহিনত ষষ্ঠী পূজাৰ বাবে পুৱা ৯.৩০ বজাত দুৱাৰ খোলাৰ লগতে আবেলি ৪ বজাত বন্ধ কৰা হ'ব।

১৭ আহিনত সপ্তমী পূজাৰ পুৱা ৯.৩০ বজাত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলা হ'ব। পুনৰ আবেলি ৪ জাত বন্ধ ৰখা হ'ব দুৱাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in