দেবোত্তৰ সমিটিৰ বৃহৎ বিত্তীয় কেলেংকাৰীঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কামাখ্যাত আৰম্ভ চিআইডিৰ অভিযান…

দেবোত্তৰ সমিটিৰ বৃহৎ বিত্তীয় কেলেংকাৰীঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কামাখ্যাত আৰম্ভ চিআইডিৰ অভিযান…
  • কামাখ্যাত চিআইডিৰ অভিযানৰ প্ৰস্তুতি।
  • দেবোত্তৰ বোৰ্ডৰ কাৰ্যালয় আৰু ইয়াৰ একাংশ বিষয়ববীয়া বাসগৃহতো চলিব পাৰে অভিযান।
  • কামাখ্যাত প্ৰায় ৭০০ কোটি টকাৰ এক কেলেংকাৰী সন্দৰ্ভত ইতিপূৰ্বে উচ্চ আৰু উচ্চতম ন্যায়ালয়ত ৰুজু হৈছিল গোচৰ।
  • সেই গোচৰৰ আধাৰতে উচ্চতম ন্যায়ালয়ে দুবছৰ পূৰ্বে দেবোত্তৰ বোৰ্ড আৰু দেৱালয় পৰিচালনা সমিতি ভংগ কৰি দি জিলা উপায়ুক্তৰ অধ্যক্ষতাত দেবোত্তৰ বোৰ্ডৰ স্থায়ী সমিটিক তদৰ্থভাৱে মন্দিৰ পৰিচালনাৰ দায়িত্ব দিছিল।
  • লগতে উক্ত সমিটিক তেওঁলোকৰ হাতত থকা টকা, আ-অলংকাৰ, স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ সমুদায় হিচাপ জিলা উপায়ুক্তৰ দ্বাৰা পৰিচালিত হোৱা কমিটিৰ হাতত অৰ্পন কৰাৰ নিৰ্দেশনাও জাৰি কৰা হৈছিল।
  • কিন্তু ভংগ কৰা সমিটিখনে পাচবুক তথা সা-সম্পত্তিৰ কিছু তথ্য উপায়ুক্তক জমা দিলে যদিও ধন- সম্পত্তিসমূহ অৰ্পন নকৰিলে।
  • ইয়াৰ ভিত্তিতে পুনৰ বৰ্তমানৰ বোৰ্ডখনে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ আন এক গোচৰ তৰিবলৈ বাধ্য হয়।
  • এই গোচৰৰ ভিত্তিতে এইবাৰ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক তদন্তকাৰী সংস্থাৰ জৰিয়তে শীঘ্ৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশনা জাৰি কৰে।
  • এই নিৰ্দেশনাৰ ভিত্তিতে বুধবাৰৰ পৰা ৰাজ্য চৰকাৰৰ অপৰাধ অনুসন্ধান তথা দুৰ্নীতি নিবাৰক শাখাই যুটীয়াভাৱে আৰম্ভ কৰিছে অনুসন্ধান।
  • অভিযোগ যে, কামাখ্যা দেৱালয়ৰ উন্নয়নৰ নামত আবন্টিত পুঁজিৰ লগতে দৰ্শনাৰ্থীয়ে আগবঢ়োৱা, সোণ-ৰূপৰ আ-অলংকাৰ, প্ৰৱেশ মাচুলৰ জৰিয়তে সংগৃহীত প্ৰায় ৭০০ কোটি টকাৰ কেলেংকাৰী অতিকে মৰ্যাদাপূৰ্ণ এই দেৱালয়ত দেবোত্তৰ বোৰ্ডৰ দ্বাৰা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে।
  • আনহাতে বুধবাৰে কামাখ্যা চৌহদত বা কাৰ্যালয়ত কোনো অনুসন্ধানকাৰী সংস্থাৰ প্ৰত্যক্ষ অভিযান চলা নাই।
  • ইফালে চিআইডিৰ এগৰাকী উচ্চস্থৰীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে আৰম্ভ কৰা হৈছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in