৬ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি হত্যা কৰা অপৰাধীক আজীৱন কাৰাদণ্ড…

৬ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি হত্যা কৰা অপৰাধীক  আজীৱন কাৰাদণ্ড…

ডিজিটেল সংবাদ গোৱালপাৰা: ২০১৮ চনত গোৱালপাৰা জিলাৰ শিমলীতোলা চাহবাগান এগৰাকী ৬ বছৰীয়া নাবালিকাক দিনদুপৰতে বলাৎকাৰ কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছিল। সেই সময়ত সমগ্ৰ গোৱালপাৰা জিলা তথা ৰাজ্য জোঁকাৰি যোৱা এই জঘণ্য বলাৎকাৰ আৰু হত্যাকাণ্ডৰ অভিযুক্ত আছিল শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডা(৪৭)। এইজন বিকৃত মানসিকতাৰ অভিযুক্ত কালু মুণ্ডাৰ বিৰুদ্ধে ৰংজুলি আৰক্ষী থানাত পস্কো আইনকে ধৰি হত্যা,ধৰ্ষণ আদিকে ধৰি কেইবাটাও জঘণ্য অপৰাধৰ ধাৰাৰ অধীনত ৰুজু হৈছিল এক গোচৰ।

গোৱালপাৰা জিলা আদালতৰ পস্কো আইনৰ বিশেষ আদালতত সুদীৰ্ঘ ৪ বছৰ ধৰি চলি থকা এই গোচৰটোৰ‌ শুকুৰবাৰে ৰায়দান কৰি অভিযুক্ত কালু মুণ্ডাক দোষী সাব্যস্ত কৰে। বিশেষ আদালতৰ ন্যায়ধীশ সুভাংশু ধৰে দিয়া ৰায়দানত অপৰাধী কালু মুণ্ডাক যাৱৎজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। উল্লেখযোগ্য যে, ২০১৮ চনত ৰংজুলি থানাৰ অন্তৰ্গত শিমলীতোলা চাহ বাগানৰ লাইনৰ পৰা ঘৰত কোনো নথকাৰ সুযোগ লৈ কালু মুণ্ডাই দিনদুপৰতে এগৰাকী ছবছৰীয়া নাবালিকাক ফুচুলাই চাহ বাগানৰ মাজলৈ লৈ যায়।

বিকৃত মানসিকতাৰ কালু মুণ্ডাই নাবালিকাগৰাকীক পাশৱীকভাৱে অসৎ চৰিতাৰ্থ পূৰণ কৰি গামোচাৰে গলত চেপি নিৰ্মমভাৱে হত্যা কৰি ঘটনাস্থলীত পেলাই থৈ যায় নাবালিকাগৰাকীৰ নিথৰ দে। পিচত কামৰ পৰা ঘৰলৈ আহি নিজ পিতৃ-মাতৃয়ে জীয়াৰীক বিচাৰ-খোচৰ কৰি নোপোৱাত ৰংজুলি আৰক্ষী থানাক অৱগত কৰে। আৰক্ষীয়ে তৎপৰতাৰে বাগানত উপস্থিত হৈ নিৰুদ্দেশ হোৱা নাবালিকাগৰাকীৰ সন্ধানত নামি পৰে।

পিছত নিশা বাগানৰ ভিতৰত নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৰংজুলি আৰক্ষীয়ে। দিনদুপৰতে নাবালিকাগৰাকীক ঘৰৰ পৰা ফুচুলাই নিয়া অৱস্থাত প্ৰত্যক্ষ কৰা লোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি ৰংজুলি আৰক্ষীয়ে কালু মুণ্ডাক অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰে। ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৩০২/৩৬৭/এ বি ধাৰাৰ উপৰিও ১২/১৯ বিশেষ ধাৰা আৰু পস্কো আইনৰ ৬ নং ধাৰাত ১৩০/১৮ নং গোচৰ ৰুজু কৰি অভিযুক্ত মুণ্ডাক ৰংজুলি আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰে।

অৱশেষত চাৰি বছৰ ধৰি চলি থকা ২০১৮ চনত শিমলীতোলা চাহবাগান সংঘটিত সভ্য সমাজক লজ্জানত কৰা লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ জঘণ্য অপৰাধী কালু মুণ্ডাক ন্যায়ধীশ সুভাংশু ধৰৰ বিশেষ আদালতে যাৱৎজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে শুকুৰবাৰে। ন্যায়ধীশ সুভাংশু ধৰৰ আদালতৰ এই ৰায়দানক গোৱালপাৰাৰ সচেতন মহলে আদৰণি জনোৱাৰ লগতে নাবালিকাগৰাকীৰ ভুক্তভোগী দৰিদ্ৰ পিতৃ-মাতৃয়ে সন্তুষ্টি লাভ কৰা পৰিলক্ষিত হৈছে। ভুক্তভোগী পৰিয়ালটোৰ হৈ বিশেষ আদালতৰ গোচৰটোৰ ওকালতি কৰিছিল অধিবক্তা সঞ্জয় শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in