২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী

২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী

ডিজিটেল ডেস্কঃ ২০ এপ্ৰিল, ২০১৮। সেইদিনা মই শেষবাৰৰ বাবে কল্পনা লাজমীক মুম্বাইত তেওঁৰ বাসগৃহত লগ পাইছিলো। শুকুৰবাৰ আছিল সেইদিনা। তেওঁ মোক মাতোতেই কৈছিল- মোৰ ঘৰলৈ আহিল তুমি শুকুৰবাৰ এটা মিলাই আহিবা। বাকী দিন কেইটা মই হাস্পতাললৈ যাব লাগে। ডাইলেছিছ চলি আছে।

সেয়েহে এই দিনটো মই বাচি লৈছিলিলো কল্পনা লাজমীৰ খবৰ ল'বলৈ। ৪-৫ ঘণ্টা সময় সেইদিনা মই তাত আছিলো। দুয়ো বহু কথা পাতিছিলো। ঘৰুৱা কথা, ভূপেনদাৰ কথা। পুৰণি কথা উলাইছিল আমাৰ মাজত। আজি তেওঁৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে। এক ঘৰুৱা সম্পৰ্ক আছিল তেওঁৰ সৈতে। ১৯৯৭চনৰ পৰা ভূপেনদাৰ বহু কাম চোৱা-চিতা কৰিছিলো। মুম্বাইলৈ গ'লে মই তেওঁৰ ঘৰতে থাকোগৈ।

মুম্বাইলৈ ভূপেনদা জীয়াই থাকোতেই ৰেকৰ্ডিঙৰ বাবে মাতি পঠিয়ালে তাতেই থাকিছিলোগৈ। কল্পনা লাজমীৰ মাতৃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী। আজি মাতৃৰ বুকু উদং কৰি কল্পনা লাজমী গুচি গ'ল। তেওঁৰ দেউতাক আছিল গোপী লাজমী। নৌ সেনাৰ বিষয়া। সেইখন ঘৰৰ সৈতেও সু-সম্পৰ্ক আছিল। ভূপেনদাৰ মৃত্যুৰ পাছত মুম্বাইত যেতিয়া শ্ৰাদ্ধ পাতিছিল, সেই ধৰ্মীয় কাৰ্য সম্পাদন কৰিবলৈ দুজন মানুহৰ প্ৰয়োজন হৈছিল।

তাৰে এজন আছিলো মই, আনজন আছিল অৰুণ দা। এক ব্যতিক্ৰমী মহিলা আছিল কল্পনা লাজমী। ভূপেনদাক তেও সুদীৰ্ঘ দিন চোৱা-চিতা কৰিছিল। ১৯৭৭চনৰ পৰাই তেওঁ ভূপেনদাৰ সৈতে আছিল। ভূপেনদাৰ বাবে তেওঁ বহু ত্যাগ কৰি থৈ গৈছে। অতি দুখৰ খবৰ। কল্পনা লাজমীৰ এই মৃত্যুৰ খবৰে বৰ দুখ দিলে। তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in