এখন গ্ৰন্থই সলনি কৰিছে জীৱনঃ নিজ কৰ্মৰে সম্ভাবনীয়তা আৰু আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে কলিয়াবৰৰ জয়শ্ৰীয়ে…

এখন গ্ৰন্থই সলনি কৰিছে জীৱনঃ নিজ কৰ্মৰে সম্ভাবনীয়তা আৰু আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে কলিয়াবৰৰ জয়শ্ৰীয়ে…

এখন গ্ৰন্থই সলনি কৰিছে জীৱনঃ নিজ কৰ্মৰে সম্ভাবনীয়তা আৰু আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে কলিয়াবৰৰ জয়শ্ৰীয়ে…

ডিজিটেল সংবাদ, কলিয়াবৰঃ কিবা এটা কৰিব পৰা হ'লে"… সকলো নিবনুৱাৰে মনত উদয় হোৱা এক সপোন। সেই সপোনেই কোনোজনক লৈ যায় লক্ষ্য অভিমুখে। লেখক তথা উদ্যোগী কৃষক প্ৰফুল্ল কুমাৰ শইকীয়াৰ "কিবা এটা কৰিব পৰা হ'লে" শীৰ্ষক গ্ৰন্থখনে সলনি কৰিছে কলিয়াবৰৰ এগৰাকী ছাত্ৰীৰ জীৱন। কিতাপ খন পঢ়াৰ পিছত অনুপ্ৰাণিত হৈ কলিয়াবৰত এগৰাকী ছাত্ৰীয়ে নিজা ঘৰতে আৰম্ভ কৰিছে সেউজ বিপ্লৱ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ত "মাষ্টাৰ্ছ অফ চ'চিয়েল ৱৰ্ক" বিষয়ত অধ্যয়নৰত জয়শ্ৰী হাজৰিকা নামৰ ছাত্ৰী গৰাকী ঘৰৰ চৌহদতে গঢ়ি তুলিছে এখন ফল-মূলৰ নাৰ্চাৰী।কোভিড সৃষ্ট ভয়াবহ জটিল পৰিস্হিতিয়ে গৃহবন্দী একাংশ যুৱক-যুৱতীৰ মন-মগজু দিকভ্ৰান্ত আৰু ভাৰাক্ৰান্ত কৰি তোলাৰ সময়তে কলিয়াবৰৰ হাটবৰ অঞ্চলৰ সোন্দৰ গাওঁ নিবাসী শিক্ষক প্ৰাণজি‌ৎ হাজৰিকা আৰু নিভা হাজৰিকাৰ একমাত্ৰ কন্যা জয়শ্ৰীয়ে বিগত বৰ্ষৰ লকডাউনৰ সময়চোৱাতে পিতৃ-মাতৃৰ সহযোগত নিজ ঘৰৰ চৌহদত ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছিল বিভিন্ন প্ৰজাতিৰ ফল-মূল, ফুল আৰু মূল্যৱান গছ-গছনিৰ এখন সৰু নাৰ্চাৰী।

"সেউজ- এ প্লান্ট নাৰ্চাৰী" নামৰ নাৰ্চাৰীখনৰ জৰিয়তে সৰু পৰিয়ালটোৱে এতিয়া চলাই গৈছে সেউজ বিপ্লৱ। ইতিমধ্যে নাৰ্চাৰী খনৰ পৰা বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ পুলি বিশেষকৈ আম, কঠাল, বগৰি,আমলখী,অমৰা,ক'লা জামুক,বগা জামুক,কৰ্দৈ,হাৰিমন আপেল,কমলা,ডালিম,চিকু,মধুৰিয়াম ,মৌচম্বি ,বিভিন্ন প্ৰজাতিৰ নেমুটেঙা,ড্ৰেগন ফ্ৰুইটছ, মালবেৰি, তামোল, নাৰিকল,লিচু,পানী বগৰি,চন্দন,মেহগনি,নীম,সাঁচি পুলি আদি অসমৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হৈছে যদিও বৰ্তমানৰ ভয়াবহ কোভিড পৰিস্থিতিৰ বাবে কিছু থমকি ৰ'ব লগীয়াও হৈছে।

এই ক্ষেত্ৰত উদ্যোগী ছাত্ৰী জয়শ্ৰীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয়–স্বাবলম্বনৰ পথত অন্তৰায় হোৱা কোভিডৰ দৰে ভয়াবহ ব্যাধিয়ে জীৱন ধাৰনৰ গতি এতিয়া কিছু সলনি কৰি দিছে ৷অৱশ্যে এই সময়খিনিত কিবা এটা কৰাৰ মানসিক শক্তিয়ে আমাৰ মনটোক জুমুৰি মাৰি ধৰিছিল ৷ঘৰৰ সৰু বাৰিখনত শাক-পাচলিৰ খেতি,হাহ-কুকুৰা পালন,ছাগলী,গৰুৰ ফাৰ্ম,মৎস্য পালন, পথাৰৰ কৃষি কৰ্ম আদি কামত মনোনিবেশ কৰিবলৈও মনত হেঁপাহ জাগিছিল ৷

যোৱা বছৰৰ ল'কডাউনৰ সময়ৰ পৰাই মোৰ দেউতা আৰু মাৰ লগত হোৱা আলোচনা আৰু স্ব-পৰিকল্পনাৰে আৰম্ভ কৰিছিলো এক সেউজ যাত্ৰা ৷ দেউতাৰ সীমিত মূলধনেৰে সম্পূৰ্ণ কোভিডৰ সাবধানতাৰে ঘৰতে সৰুকৈ এখন নাৰ্চাৰী গঢ়াৰ বাবে মন মেলিলো ৷এই ক্ষেত্ৰত অৱশ্যে অনুপ্ৰেৰণা যোগালে উদ্যোগী কৃষক প্ৰফুল্ল কুমাৰ শইকীয়াৰ " কিবা এটা কৰিব পৰা হ'লে " নামৰ গ্ৰন্হখনে ৷সম্প্ৰতি বৰ্তমানৰ বজাৰত বিশ টকাৰ পৰা এহেজাৰ টকাৰ ভিতৰত বিক্ৰি হৈ থকা নাৰ্চাৰী খনৰ ফল-মূল আৰু ফুলৰ পুলি বিক্ৰীৰ বাবে ঘৰতে বহি সামাজিক মাধ্যমৰ জৰিয়তে এখন ভাল বজাৰ তৈয়াৰ কৰাত ব্ৰতী হৈছে জয়শ্ৰী ৷

কন্যাৰ আগ্ৰহত সহযোগিতা আগবঢ়াই আহিছে জয়শ্ৰীৰ পিতৃ প্ৰানজিৎ হাজৰিকাই। কোভিড কালীন পৰিস্থিতিত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে দৈনিক নাৰ্চাৰীৰ কামতে নিজকে ব্যস্ত কৰি ৰাখিছে এইগৰাকী ছাত্ৰীয়ে। চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰা শিক্ষিত নিবনুৱা সকলৰ বাবে এতিয়া আদৰ্শ স্বৰূপ হৈ পৰিছে শিক্ষাগ্ৰহণৰ মাজতে নাৰ্চাৰী ব্যৱসায়ৰে আৰ্থিক ভাৱে স্বাৱলম্বী হোৱা কলিয়াবৰৰ জয়শ্ৰী হাজৰিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in