কলিয়াবৰত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, যান-জঁটত আৱদ্ধ বহু বাহন

কলিয়াবৰত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, যান-জঁটত আৱদ্ধ বহু বাহন

ডিজিটেল সংবাদ, কলিয়াবৰঃ  নগাঁও জিলাৰ কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগতে সোমবাৰ পুৱাৰ ভাগত এখন ট্ৰাক বাগৰি পৰাত কেবাঘণ্টা ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

কলিয়াবৰৰ মিছাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে গুৰ কঢ়িয়াই অনা ট্ৰাকখন। নগাঁৱৰ পৰা কলিয়াবৰ অভিমুখে গৈ থকা দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে  AS 03 F 1398।

দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন দুয়োজন গুৰুতৰভাৱে আহত হয়। আহত দুয়োজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in