কলিয়াবৰৰ নলতলি বন্তি পুথিভঁৰালৰ প্ৰশংসনীয় পদক্ষেপঃ কোডিড ভেকচিন লোৱা লোকক নিম পুলি উপহাৰ…

কলিয়াবৰৰ নলতলি বন্তি পুথিভঁৰালৰ প্ৰশংসনীয় পদক্ষেপঃ কোডিড ভেকচিন লোৱা লোকক নিম পুলি উপহাৰ…

ডিজিটেল সংবাদ, কলিয়াবৰ: কোভিড সৃষ্ট এই পৰিৱেশ-পৰিস্থিতিত নিজৰ লগতে প্ৰকৃতিও সেউজ কৰি ৰখাৰ দায়িত্ব প্ৰতিগৰাকী নাগৰিকৰ ৷এই লক্ষ্যৰেই এক ব্যতিক্ৰমী কাৰ্যপন্থা গ্ৰহণৰে কলিয়াবৰ মহকুমাৰ নলতলি বন্তি পুথিভঁড়ালৰ ব্যৱস্থাপনাত আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত ৬৮২ নং নলতলি প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এটি কোভিড ভেকচিন প্ৰদান শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত ভেকচিন প্ৰদানকাৰী নলতলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীৰ দলটিয়ে উদ্বোধন কৰা শিবিৰটোত ভেকচিন লোৱা প্ৰতি গৰাকী লোককে একোটাকৈ নিম পুলি উপহাৰ হিচাপে দিয়া হয়।

উদ্বোধনী অনুষ্ঠানত বন্তি পুথিভঁৰালৰ সম্পাদক উজ্জ্বল বৰাই কয় যে- এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ যিদৰে আমি ভেকচিন লৈছো, ঠিক একেদৰেই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ হেতু এই সেউজীয়া উপহাৰ স্বৰূপে এটি নিম পুলি প্ৰতিগৰাকী ভেকচিন লোৱা ব্যক্তিক প্ৰদান কৰা হৈছে।পুথিভঁৰালটিৰ আন এজন সম্পাদক কমল বৰাই কোভিড যোদ্ধা সকলক তথা স্বাস্থ্য বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনক শিবিৰটো অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বৃহস্পতিবাৰৰ এই শিবিৰত সৰ্বমুঠ ২২৩ গৰাকী ব্যক্তিয়ে ভেকচিন লাভ কৰে যদিও ৬ গৰাকী লোক ক'ডিডত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in