কলিয়াবৰৰ হাটবৰত আধ্যাত্মিক যুৱ সন্মিলনৰ সামৰণি অনুষ্ঠান

কলিয়াবৰৰ হাটবৰত আধ্যাত্মিক যুৱ সন্মিলনৰ সামৰণি অনুষ্ঠান

ডিজিটেল ডেস্কঃ আয়ুস পাব্লিক স্কুলৰ ব্যৱস্থাপনাত আৰু মাজুলিৰ দক্ষিণপাট সত্ৰৰ পৃষ্ঠপোষকতাত ১০ আগষ্টৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আধ্যাত্মিক যুৱ সন্মিলন-২০১৮ৰ আজি সামৰণি পৰে।

হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত অনুষ্ঠিত হয় এই সন্মিলনখনি। সন্মিলনৰ  অংশ হিচাপে আধ্যাত্মিক কৰ্মশালা, বৰগীত কৰ্মশালা আদি কাৰ্যসূচী অনুষ্ঠিত হয়।

সামৰণি অনুষ্ঠানৰ দিনা অনুষ্ঠিত মুকলি সভাত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী, মৰিগাওঁ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ধনঞ্জয় কুশ্ৰে, সদৌ অসম ছাত্ৰসন্থাৰ উপসভাপতি মণিমাধৱ মহন্তই অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in