অনিয়মীয়া  বিদ্যুৎ যোগান, কলিয়াবৰত আছুৰ প্ৰতিবাদ

অনিয়মীয়া  বিদ্যুৎ যোগান, কলিয়াবৰত আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কলিয়াবৰঃ ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বাস্তৱত সেয়া সম্ভৱ কৰি তুলিবলৈ অসমৰ্থ হোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজ তথা দল-সংগঠন।

কলিয়াবৰতো বিগত কিছুদিন ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ থকাত অঞ্চলটোৰ ৰাইজ অতিষ্ট হৈ পৰিছে। ইয়াৰ মাজতে সোমবাৰে কুঁৱৰীটোলস্থিত অসম শক্তি বিতৰণ কোম্পানীৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

সংগঠনটোৰ শতাধিক সদস্যাই দুপৰীয়া প্ৰখৰ ৰ'দকো নেওচি ৰাজপথেৰে বিভিন্ন শ্ল'গানেৰে সমদল কৰি আহি প্ৰবন্ধকৰ কাৰ্যালয়ত ধৰ্ণা প্ৰদান কৰে। ধৰ্ণাৰ অন্তত স্মাৰক পত্ৰ প্ৰদান কৰি অঞ্চলটোত বিদ্যুৎ যোগান শীঘ্ৰে নিয়মীয়া কৰিবলৈ দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in