কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুই মেধাৱী ছাত্ৰীৰ কৃতীত্ব…

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুই মেধাৱী ছাত্ৰীৰ কৃতীত্ব…

ডিজিটেল সংবাদ, কলিয়াবৰ : আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাঁহৰ গাজৰ খৰিচাৰে জগত জিনাৰ প্ৰস্তুতি চলাইছে কলিয়াবৰৰ দুই মেধাৱী ছাত্ৰীয়ে৷ ৰুচিকৰ খাদ‍্য ৰূপে অসমৰ থলুৱা খাদ‍্যত বাঁহৰ গাজৰ খৰিছাৰ এক সন্মানীয় স্থান আছে। বিশেষকৈ জেঠ মাহৰ গাজৰ সোৱাদৰ অতীজত বা ঠাই বিশেষে এতিয়াও অসমীয়া ভাত সাঁজত এক চিনাকী স্থান আছে।

সেই বাঁহ গাজৰ খৰিচাক এক নতুন চিন্তাৰে সজাই-পৰাই তোলাত ব্ৰতী হৈছে কলিয়াবৰৰ দুই ছাত্ৰী স্বস্তিকা গগৈ আৰু ভাগ‍্যশ্ৰী বৰাই। কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শিলঘাটৰ প্ৰতিভাধৰ ছাত্ৰীদ্বয়ৰ চিন্তাই বাঁহৰ খৰিচা আৰু গুৰিয়ে ধান ডোণৰ সলিনি বৈদেশিক মুদ্ৰা উপাৰ্জনৰ বাট প্ৰশস্ত কৰাৰ দুৱাৰ মুখত উপনীত হৈছে।

আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া 'ইণ্টাৰনেচনেল চায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিং ফেয়াৰ' চমুকে আই. এচ. ই. এফ.ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হ'লেই এই বাট মুকলি হ'ব। কলিয়াবৰৰ শিলঘাটত বৃটিছৰ দিনতে ১৯৩৩ চনত প্ৰতিষ্ঠা হোৱা বৰ্তমানৰ কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ দশম শ্ৰেণীৰ দুই ছাত্ৰী স্বস্তিকা আৰু ভাগ‍্যশ্ৰীয়ে বিভিন্ন প্ৰজাতিৰ বাঁহৰ পৰা উৎপাদিত খৰিচাৰ তুলনামূলক অধ‍্যয়ন' শীৰ্ষক প্ৰকল্পৰ পৰা তৈয়াৰী বাঁহৰ খৰিচাৰ গুৰিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ এক আশা কঢ়িয়াই আনিছে। লগতে STEM Educationৰ বাবে দুই ছাত্ৰীৰ এই প্ৰকল্পই এক বিশেষ মাত্ৰা দিব বুলি আশা কৰা হৈছে।

The Initiative for Research and Innovation in STEM (Science, Technology, Engineering and Mathematics) চমুকৈ আই. আৰ. আই. এচ.ৰ নেচনেল চায়েঞ্চ ফেয়াৰ ২০২০-২১ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে দুই ছাত্ৰী। স্মৰ্তব্য যে, প্ৰতিযোগিতাখনিত হৈ যোৱা পাঁচখন ৰাষ্ট্ৰীয় পৰ্য‍্যায়য শীৰ্ষ স্থান লাভ কৰা পাঁচটা প্ৰকল্পকহে নিৰ্বাচিত কৰা হয়।

উচ্চ মাধ‍্যমিক পৰ্য‍্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি থকা এই প্ৰতিযোগিতাত নিৰ্বাচিতসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিতব‍্য ইণ্টাৰনেচনেল চায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিং ফেয়াৰ'ত দেশক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰে। বিদ‍্যালয়খনৰ দুই ছাত্ৰী স্বস্তিকা আৰু ভাগ‍্যশ্ৰীয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত উন্নত মানৰ প্ৰকল্প তৈয়াৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় সন্মানো লাভ কৰিছে। এন. চি. এচ. চি.ৰ শীৰ্ষ পাঁচ প্ৰকল্পৰ ভিতৰত কলিয়াবৰৰ দুই ছাত্ৰীৰ প্ৰকল্পটোৱেও স্থান লাভ কৰি আমন্ত্ৰিত হয়। পৰৱৰ্তী পৰ্য‍্যায়ত অনলাইন যোগে প্ৰতিযোগিতাত বিদ‍্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক তথা প্ৰকল্পটোৰ পৰামৰ্শদাতা পঙ্কজ বৰুৱাৰ তত্বাৱধান আইআৰআইএছত অংশগ্ৰহণ কৰি বিচাৰকৰ ভূয়ষী প্ৰশংসা লাভ কৰে।

থলুৱা খাদ‍্যক আন্তঃৰাষ্ট্ৰীয় পৰ্য‍্যায়লৈ নিয়াৰ প্ৰচেষ্টাত অৱতীৰ্ণ হোৱা কলিয়াবৰৰ দুই ছাত্ৰী আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া 'ইণ্টাৰনেচনেল চায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিং ফেয়াৰ' চমুকে আই. এচ. ই. এফ.ত অংশগ্ৰহণ কৰাৰ পথ ইতিমধ্য প্ৰশস্ত হৈছে। পৰৱৰ্তী পৰ্য‍্যায়ত নিৰ্বাচিত হ'লেই, সুদুৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বাৰীৰ ঢাপৰ বাঁহৰ খৰিচাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাটাও বৈশিষ্ট‍্যৰে চিনাকী দিবলৈ সক্ষম হ'ব বুলি দুই ছাত্ৰী সহ পৰামৰ্দাতাসকল আশাবাদী ৷এই প্ৰকল্পৰ পৰামৰ্শদাতা শিক্ষক পঙ্কজ বৰুৱাই খৰিচাত থকা প্ৰচুৰ পৰিমাণৰ থকা 'ভিটামিন চি'ক কভিড নিয়ন্ত্ৰণত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এক বৈকল্পিক ব‍্যৱহাৰ হিচাবেও গণ‍্য কৰিব পাৰি বুলি মতামত আগবঢ়াইছে।

বৰ্তমানে খৰিচাক বিভিন্ন খাদ‍্যলৈ ৰূপান্তৰিত কৰি থকাৰ সময়ত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা গুণৰ অধিকাৰী হোৱাৰ ফলত এই ৰোগ প্ৰতিৰোধত আশাপ্ৰদ ভূমিকা ল'ব পাৰিব বুলি বৰুৱাই আশা প্ৰকাশ কৰে। আনহাতে, খৰিচাৰ পৰা নিষ্কাষিত এলক'হল 'চেনিটাইজাৰ' ৰূপে ব‍্যৱহাৰৰ সম্ভাৱনীয়তাৰ বিষয়েও জনাই। এই ক্ষেত্ৰত অসমৰ কেইবাখনো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ সমল ব‍্যক্তিৰ লগত যোগাযোগ অব‍্যাহত ৰাখিছে বুলি বৰুৱাই জানিবলৈ দিয়ে। উল্লেখ‍্য যে, শিক্ষক পংকজ বৰুৱা বৰ্তমান ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ‍্যিক পৰ্য‍্যায়ৰ সমল ব‍্যক্তি তথা অসম বিজ্ঞান সমিতি আৰু ভাৰত চৰকাৰৰ বিজ্ঞান প্ৰচাৰ বিভাগৰ পৰিৱেশ অধ‍্যয়নৰো সমল ব‍্যক্তি ৰূপে জড়িত।

প্ৰকল্পটোৰ পৰামৰ্শদাতা পঙ্কজ বৰুৱাই যোৱা ২০১৫ চনত বনৰীয়া কচুৰ পৰা পটেট' চিপ্‌চৰ সমান্তৰালকৈ চিপ্‌চ তৈয়াৰৰ এক প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষক সমাৰোহত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।ভলুকা, মকল আৰু জাতি বাঁহৰ গাজৰ পৰা খৰিচা তৈয়াৰ কৰি ইয়াৰ গুণাগুণ অধ‍্যয়নৰ লগতে খৰিচা সংৰক্ষণৰ সমস‍্যাসমূহৰো আলোচনা কৰা ছাত্ৰী দুগৰাকীৰ প্ৰকল্পটোত খৰিচাত থকা পানীভাগ নিষ্কাষণৰ জৰিয়তে ইয়াৰ গুণাগুণ দীঘলীয়া সময়লৈ অক্ষুণ্ণ ৰখাৰ বাবে গুৰি হিচাপেও ব‍্যৱহাৰ কৰাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে বুলি ছাত্ৰী স্বস্তিকাই জানিবলৈ দিয়ে।

প্ৰকল্পটোৰ লগত জড়িত আনগৰাকী ছাত্ৰী ভাগ‍্যশ্ৰীয়ে প্ৰকল্পটোৰ ব‍্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষভাৱে উৎসাহ যোগোৱা বিদ‍্যালয়ৰ অধ‍্যক্ষ ভূপেন শৰ্মা, প্ৰদৰ্শক নৱনীতা দ'লবৰুৱা আৰু পৰামৰ্শদাতা পঙ্কজ বৰুৱাক বিশেষভাৱে ধন‍্যবাদ জনাই।ব‍্যতিক্ৰমী প্ৰকল্পটোৰ প্ৰদৰ্শক বিদ‍্যালয়খনৰ শিক্ষয়িত্ৰী নৱনীতা দ'লবৰুৱাই পৰৱৰ্তী পৰ্য‍্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া নিৰ্বাচিত দিশ আৰু মানসমূহৰ খুটি-নাতি অধ‍্যয়নৰ লগতে আনুসঙ্গিক দিশসমূহৰ ওপৰত দুই ছাত্ৰীৰে সন্মানীয় প্ৰতিযোগিতাখনলৈ প্ৰস্তুতি চলাইছে বুলি জনাই।
আনহাতে, বিদ‍্যালয়খনৰ অধ‍্যক্ষই দুই ছাত্ৰীৰ এই কৃত্তিত্বৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটোৰ দুয়োগৰাকী সহায়ক শিক্ষকৰ শলাগ লয়।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ এক বিৰল সুযোগ লাভ কৰা দুই ছাত্ৰী স্বস্তিকা আৰু ভাগ‍্যশ্ৰী উৎফুল্লিত আৰু আত্মবিশ্বাসী। বিদ‍্যালয়ৰ সাধাৰণ সম্পাদিকা ৰূপে কাৰ্য‍্যনিৰ্বাহ কৰা গীতে-নৃত‍্যই পাৰদৰ্শী স্বস্তিকা গগৈ বিদ‍্যালয়ৰে ক্ৰীড়া বিষয়ৰ শিক্ষক দ্বীপেন গগৈৰ আৰু ভাগ্যশ্ৰী বৰা বালিদুৱাৰ নিৱাসী তথা শিলঘাট মৰাপাট কলৰ কৰ্মচাৰী প্ৰফুল্ল বৰাৰ দুহিতা ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in