কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

ডিজিটেল সংবাদ, গৰৈমাৰীঃ শনিবাৰে সন্ধিয়া কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত কালাতলীৰ নতুন কাঠমীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী মটৰ চাইকেল দুখনৰ সংঘৰ্ষৰ ফলত মৃত্যু হয় এজন যুৱকৰ৷

জানিব পৰা মতে, ছয়গাঁৱৰ কালাতলী পথাৰ গাঁৱৰ শ্বাহৰুখ আহমেদে সন্ধিয়া ভাগত মটৰ চাইকেল এখনেৰে কালাতলী বজাৰ অভিমূখে গৈ থকা অৱস্থাত নতুন কাঠমী নামৰ ঠাইখিনিত বিপৰীত দিশৰ পৰা অহা আন এখন মটৰ চাইকেলৰ সৈতে লগা মুখামুখি সংঘৰ্ষত যুৱকগৰাকী গুৰুতৰভাৱে আহত হয়৷

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নি থকা অৱস্থাত আদবাটতেই যুৱকজনৰ মৃত্যু হয়৷ যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত বৰ্তমান শোকৰ ছাঁ পৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in