অসম সাহিত্য সভাৰ উদ্যোগত ১৮ নবেম্বৰৰ পুৱা কলাক্ষেত্ৰত মুকলি কৰা হ’ব গ্ৰন্থ বিপণ কেন্দ্ৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি গ্ৰন্থ বিপণ কেন্দ্ৰ ১৮ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত আনুষ্ঠানিক ভাবে মুকলি কৰা হ'ব। উক্ত বিপণন কেন্দ্ৰ মুকলি কৰিব অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কুলধৰ শইকীয়াই ।

অনুষ্ঠানত শংকৰদেৱ কলাক্ষেত্ৰৰ মাননীয় সচিব শ্ৰীযুত সুদৰ্শন ঠাকুৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উক্ত অনুষ্ঠানৰ সমাপ্তিৰ পিছতে স্থানীয় সাংবাদিকৰ সৈতে এটি গুৰুত্বপূৰ্ণ বিষয়ত সভাপতি মহোদয়ে মত বিনিময় কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in