ওদালগুৰিত সংঘটিত ভয়ংকৰ ঘটনা! এচিড ঢালি হত্যা শিক্ষয়িত্ৰীক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ওদালগুৰিৰ কালাইগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰাৰ পাছত এচিড ঢালি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। দৰাচলতে, ১নং কলাইগাঁৱ নিবাসী নয়নতৰা বৰুৱা নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে সোমবাৰে প্ৰাতঃভ্ৰমণ কৰিব যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল।

ইফালে, শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত দাখিল কৰিছিল এজাহাৰ। এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে অনুসন্ধান চলাই মঙলবাৰে পুৱা ১ নং কোলাইগাঁৱৰ সেনাবাহিনীৰ কেম্পৰ নিচেই কাষৰ ইউ এন ব্ৰহ্ম একাডেমী পুখুৰীৰ পাৰত প্ৰত্যক্ষ কৰে নয়নতৰা বৰুৱাৰ চেন্ডেল।

চেণ্ডেল প্ৰত্যক্ষ কৰাৰ পাছত পুৱা ভাগত আৰক্ষী আৰু এছডিআৰএফ  বাহিনীয়ে পুখুৰীটোত অভিযান চলাই যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল। তাৰপাছত ইউ এন একাডেমিৰ ভিতৰত দুৰ্গন্ধ ওলোৱাত একাডেমীৰ ভিতৰত নয়ন তৰা বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, নয়নতৰা বৰুৱা আছিল বালিপাৰা হাইস্কুলৰ শিক্ষয়িত্ৰী। সেনাবাহীৰ নিচেই কাষত সংঘতি হোৱা ঘটনা সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in