কোকৰাঝাৰত চাফাই অভিযান…

কোকৰাঝাৰত চাফাই অভিযান…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ সদৰ চহৰৰ বিভিন্ন স্থানত চাফাই অভিযান সম্পন্ন হয়।

কোকৰাঝাৰ সদৰ চহৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা মঙলবাৰৰ স্বচ্ছ ভাৰত অভিযানত জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে অতিৰিক্ত উপায়ুক্ত, জিলাৰ আন প্ৰশাসনীয় বিষয়া আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।

জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে স্বচ্ছতা অভিযানৰ প্ৰতি গুৰুত্ব দি নিজৰ ঘৰখনৰ লগতে ৰাজহুৱা স্থানবোৰ পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ব আৰোপ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in