কাকপথাৰত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

কাকপথাৰত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন। অঞ্চলটোত অবৈধ দেশী-বিদেশী সুৰাৰ প্ৰচলনৰ সমান্তৰালকৈ ড্ৰাগছ, কানিৰ অবাধ প্ৰচলনেও উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰি শৈক্ষিক সামাজিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

ড্ৰাগছ সৰবৰাহ কৰা ঘটনাৰ সৈতে জড়িত দুজন যুৱকক আজি দিনৰ ভাগত কাকপথাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কাকপথাৰ আৰক্ষীয়ে এক গোপনসূত্ৰ পমখেদি ড্ৰাগছসহ আটক কৰে দুজন যুৱকক।

আটকাধীন যুৱকদ্বয় ক্ৰমে- লাজুমগাঁৱৰ ললিত গগৈ আৰু কাঠবস্তিৰ নিপু দহোতীয়া। যুৱক দুজনৰ পৰা আৰক্ষীয়ে কেবাহাজাৰ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে।

AS -23S -4447  নম্বৰৰ এখন মটৰ চাইকেলেৰে কাকপথাৰৰ পৰা অৰুণাচল অভিমুখে ড্ৰাগছ সৰবৰাহ কৰি নি থকা অৱস্থাতে কাকপথাৰ আৰক্ষীয়ে ডিৰাকৰপৰা যুৱক দুজনক আটক কৰে। উল্লেখযোগ্য যে, পূৰ্বে কেইবাবাৰো ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ যুৱক দুজনে কাৰাবাস খাতিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in