দীপাৱলীৰ আনন্দ উছাহৰ মাজতে কাহিলীপাৰাত বিধ্বংসী অগ্নিকাণ্ড

প্ৰতীকি ফটো
প্ৰতীকি ফটো

দীপাৱলীৰ আনন্দ উছাহৰ মাজতে গুৱাহাটীত অঘটন ।

কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানৰ ছুইপাৰ কলনীত অগ্নিকাণ্ড ।

জুইত জাহ গ'ল ৩০টাৰো অধিক বাসগৃহ।

ঘটনাটোত অগ্নিদগ্ধ ৩ জনকৈ লোক ।

ইয়াৰে এজনৰ অৱস্থা সংকটজনক।

খবৰ অনুসৰি ৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ পাছতে সম্প্ৰসাৰিত হয় অগ্নিকাণ্ড।

স্থানীয় একাংশ ব্যক্তিৰ মতে ফটকাৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ড ।

অগ্নিকাণ্ডৰ ফলত আহত হয় আন কেইবাজনো লোক।

জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in