বহিবলৈ নাই আসন, পুৱাৰ পৰা অনাহাৰে থাকি আধাতে উভতিল অজস্ৰ লোক, বিশৃংখল চৰকাৰৰ বিশ্ব পৰিৱেশ দিৱস

বহিবলৈ নাই আসন, পুৱাৰ পৰা অনাহাৰে থাকি আধাতে উভতিল অজস্ৰ লোক, বিশৃংখল চৰকাৰৰ বিশ্ব পৰিৱেশ দিৱস

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ভাবে শিলচৰত আয়োজন কৰা বিশ্ব পৰিবেশ দিৱস চৰম বিশৃংখলাৰে সম্পন্ন হল৷ ৰাতিপুৱাতে সভাস্হলীলৈ অহা বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰী, আত্মসহায়ক গোটৰ মহিলা সহ অসংখ্য লোক গোটেই দিনটো অনাহাৰে থাকি মূখ্যমন্ত্ৰীৰ ভাষণৰ পুৰ্বেই সভাস্হলী ত্যাগ কৰে৷ আনহাতে সাংবাদিকৰ বাবে বহিবলৈ কোনো আসন নথকাত সাংবাদিক সকলেও বৰ্জন কৰে মুখ্যমন্ত্ৰীৰ সভা৷

বুধবাৰে শিলচৰ পুলিছ পেৰেড গ্ৰাউণ্ডত ৰাজ্যৰ বন বিভাগে কেন্দ্ৰীয় ভাবে আয়োজন কৰিছিল বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচী৷ বন বিভাগ আৰু জিলা প্ৰশাসনৰ চুড়ান্ত হেমাহীৰ ফলত চৰম বিশৃংখলাৰ সৃষ্টি হয় সভাস্হলীত৷ দৰ্শকৰ বাবে অনা বহু চকীও সভাস্হলীৰ বাহিৰতে পৰি থাকিব লগা হয়৷ প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিবলৈ ৰাতিপুৱা ছয় বজাতে দুৰদুৰণীৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে খাদ্যৰ যোগান নধৰাত আবেলি চাৰি বজালৈ অনাহাৰে থাকিব লগা হয় ছাত্ৰ-ছাত্ৰী সকল৷

আনহাতে মুখ্যমন্ত্ৰীৰ সভালৈ নিমন্ত্ৰণ কৰি অনা কাছাৰ জিলাৰ বিভিন্ন আত্ম সহায়ক গোটৰ পুৰুষ মহিলা সকলকো চাৰি বজালৈ খাদ্যৰ পেকেট যোগান নধৰাৰ অভিযোগ উঠিছে৷

দহ বজাতে সভাস্হলীত হাজিৰ হোৱা এই সকল লোকে সেয়ে তিনি বজাত উপস্হিত হোৱা মূুখ্যমন্ত্ৰীৰ ভাষণ নুশুনাকৈয়ে সভাস্হলী ত্যাগ কৰে৷

আন একাংশ দৰ্শকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু মূখ্যমন্ত্ৰীয়ে ভাষণ দি থকা অৱস্হাতে সভাস্হলী ত্যাগ কৰে৷ আয়োজক বন বিভাগৰ উপৰত ক্ষুদ্ধ একাংশ সাংবাদ কৰ্মীও৷

নিমন্ত্ৰিত সাংবাদিকৰ বাবে বহিবলৈ আসন নথকাত এই সকল সাংবাদিকেও বৰ্জন কৰে মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যসূচী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in