কাছাৰৰ ৰোজকান্দি চাহ বাগিচাত ১৪৪ ধাৰা জাৰি, বিশাল নিৰাপত্তা বাহিনী মোতায়েন

কাছাৰৰ ৰোজকান্দি চাহ বাগিচাত ১৪৪ ধাৰা জাৰি, বিশাল নিৰাপত্তা বাহিনী মোতায়েন

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ ৰোজকান্দি চাহ বাগিচাত ১৪৪ ধাৰা জাৰি৷ সম্প্ৰতি বাগিচা খনত সৃষ্টি হোৱা পৰিস্হিতিৰ বাবে প্ৰশাসনৰ এই সিদ্ধান্ত৷ একে লগে পাঁচ জনতকৈ অধিক লোকৰ চলাচলত নিষেধাজ্ঞা৷ সভা, শোভাযাত্ৰা আয়োজনতো বাধা আৰোপ৷ আইন শৃংখলাৰ প্ৰতি লক্ষ ৰাখি প্ৰশাসনে শুকুৰবাৰে আবেলি জাৰি কৰে ১৪৪ ধাৰা৷

চাহ বাগিচাৰ পৰিচালক ইশ্বৰ ভাই উবাদিয়াৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিকৰ৷ শ্ৰমিকক বিভিন্ন ভাবে হাৰাশাস্তিৰ কৰাৰ অভিযোগ৷ ইয়াৰ প্ৰতিবাদত পৰিচালক জনক বদলিৰ দাবীত তিনিদিন পুৰ্বে আন্দোলন কৰিছিল শ্ৰমিক সকলে৷ বাগিচাৰ সকলো কাম অচল কৰি দিছিল শ্ৰমিক সকলে৷

প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল৷ ইয়াৰ পিচতে আবেলি ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ শনিবাৰে বাগিচাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ বিশাল সংখ্যক নিৰাপত্তা বাহিনীও মোতায়েন কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in