কাছাৰৰ মনিপুৰ সীমান্তত ১৭ কেজি গাঞ্জা জব্দসহ গ্ৰেপ্তাৰ ১

কাছাৰৰ মনিপুৰ সীমান্তত ১৭ কেজি গাঞ্জা জব্দসহ গ্ৰেপ্তাৰ ১

ডিজিটেল সংবাদ,শিলচৰঃ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰ আৰক্ষীয়ে মনিপুৰ সীমান্তৰ দিগলাংমুখপুঞ্জীৰ পৰা সোমবাৰে ১৭ কিলোগ্ৰাম মনিপুৰী গাঞ্জা জব্দ কৰে৷ লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া অনুৰাগ শৰ্মাৰ নেতৃত্বত জিৰিঘাট,জয়পুৰ থানাৰ আৰক্ষী আৰু ৩৭ অসম ৰাইফলছে যুটীয়া ভাবে চলোৱা অভিযানত গাঞ্জা খিনি জব্দ কৰা হয় ৷

জিৰিঘাট থানাৰ অন্তৰ্গত দিগলাংমুখপুঞ্জীত চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত সোতৰ কিলোগ্ৰাম গাঞ্জা বিক্ৰী কৰিবলৈ অনা ফকৰুল হুচেইন নামৰ এজন ব্যৱসায়ীকো আটক কৰে আৰক্ষীয়ে ৷ ধৃত লোক জনৰ ঘৰ জিৰিঘাটৰ মাখননগৰত ৷

আৰক্ষীয়ে সদৰী কৰা মতে, একেটা পুঞ্জিৰ ৰিংছন মাৰ নামৰ এজন লোকৰ ওচৰত হস্তান্তৰ কৰিবলৈ আহোতে পুৰ্বৰে পৰা খাপ পিটি থকা আৰক্ষীৰ দলটোৰ হাতত আটক হয় গাঞ্জা ব্যৱসায়ী জন ৷ সম্প্ৰতি জিৰিঘাট থানাত জেৰা কৰি থকা হৈছে ধৃত ফকৰুল হুচেইনক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in