কাছাৰত অবৈধ চুলাইৰ ঘাটি উচ্ছেদ, বুজণ পৰিমাণৰ চুলাই আৰু দেশীয় সুৰা জব্দ

কাছাৰত অবৈধ চুলাইৰ ঘাটি উচ্ছেদ, বুজণ পৰিমাণৰ চুলাই আৰু দেশীয় সুৰা জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ অবৈধ চুলাই আৰু সুৰাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আবকাৰি বিভাগে বুধবাৰে বুজণ পৰিমাণৰ চুলাই আৰু সুৰা জব্দ কৰে৷ আবকাৰি বিভাগৰ অধীক্ষক সুনীল সিনহাৰ নেতৃত্বত কাছাৰ জিলাৰ বৰখলা, শিলচৰ, সোণাই সমষ্টিৰ বিভিন্ন স্হানত অভিযান চলাই আবকাৰি বিভাগে৷

অভিযান কালত বালাচৰা বৰবন, শ্ৰীকেণা, ঘুংগুৰ, আই এছ বি টি এলেকাৰ পৰা বুজণ পৰিমাণৰ চুলাই, দোশীয় সুৰা, সুৰা প্ৰস্তুত কৰা সা-সজুলি জব্দ কৰে৷

প্ৰায় এক হাজাৰ লিটাৰতকৈও অধিক চুলাই জব্দ কৰি থিতাতে নষ্ট কৰে আবকাৰি বিভাগে৷

কিছু দেশীয় সুৰাও জব্দ কৰা হয়৷ সুৰা প্ৰস্তুত কৰা কেবাটাও গুৰভৰ্তি টিন আৰু চুলাই প্ৰস্তুত কৰা সা-সজুলি জব্দ কৰা হয়৷

চুলাই আৰু সুৰা বিক্ৰীৰ সৈতে জৰিত দুগৰাকী মহিলা সহ মুঠ ৯ জন সুৰা ব্যৱসায়ীক আটক কৰা হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে আবকাৰী অধীক্ষক সুনীল সিনহা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in